
কামৰূপ, ০৬ ডিচেম্বৰ (হি.স.)। দক্ষিণ কামৰূপৰ উৰপুত কান্দুপুৰত বিদ্যুৎপৃষ্ঠ হৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু হয়। যোৱা নিশা দক্ষিণ কামৰূপৰ উৰপুত কান্দুপুৰত বিদ্যুৎপৃষ্ঠ হৈ এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু হয়। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি মিৰ্জা বৈদ্যুতিক উপ সংমণ্ডলৰ গাফিলতিৰ বাবেই সংঘটিত হয় এই ঘটনা।
উল্লেখ্য যে দীৰ্ঘদিন ধৰি দক্ষিণ কামৰূপৰ মাজকুছি, উৰপুত, তিনিআলি, পাৰাকুছিকে আদি কৰি বিভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে। নিশা কান্দুপুৰত খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতী এটাৰ বিদ্যুৎপৃষ্ঠ হৈ কৰুণ মৃত্যু হয়।
প্ৰায় ৮ ফুট উচ্চতাৰ বিদুৎ সংযোগী তাঁৰত লাগি বিদ্যুৎপৃষ্ঠ হৈ ওচৰতে থকা পুখুৰী এটাত বাগৰি পৰে হাতীটোৱে। ইতিমধ্যে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ মৃত হাতীটোক উদ্ধাৰ কৰিছে ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু