বাবৰি মছজিদৰ অজুহাতত পুনৰ বংগত হিংসাত্মক পৰিস্থিতিৰ উচটনি দিয়াৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বিধায়ক হুমায়ুন কবীৰ-ভিএইচপি
নতুন দিল্লী, ০৬ ডিচেম্বৰ (হি.স.)। পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাত শাসকীয় তৃণমূল কংগ্ৰেছৰ নিলম্বিত বিধায়ক হুমায়ুন কবীৰে বাবৰি মছজিদৰ আধাৰশিলা স্থাপনক ৰাম জন্মভূমি মন্দিৰৰ গোচৰত উচ্চতম ন্যায়ালয়ে সৰ্বসন্মতিক্ৰমে দিয়া ৰায়ক অৱমাননা বুলি অভিহিত কৰিছে
विहिप प्रवक्ता विनोद बंसल (फाइल फोटो)


নতুন দিল্লী, ০৬ ডিচেম্বৰ (হি.স.)। পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাত শাসকীয় তৃণমূল কংগ্ৰেছৰ নিলম্বিত বিধায়ক হুমায়ুন কবীৰে বাবৰি মছজিদৰ আধাৰশিলা স্থাপনক ৰাম জন্মভূমি মন্দিৰৰ গোচৰত উচ্চতম ন্যায়ালয়ে সৰ্বসন্মতিক্ৰমে দিয়া ৰায়ক অৱমাননা বুলি অভিহিত কৰিছে বিশ্ব হিন্দু পৰিষদে। এই মছজিদৰ অজুহাতত বিধায়ক কবীৰে পুনৰ পশ্চিম বংগত হিংসাত্মক পৰিস্থিতিৰ উচটনি দিয়াৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি ভিএইচপিয়ে প্ৰকাশ কৰিছে।

ভিএইচপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ বিনোদ বংশলে শনিবাৰে এক্স-পোষ্টত কয় যে মুৰ্ছিদাবাদত সংখ্যালঘু হিন্দুৰ ওপৰত আক্ৰমণৰ ৯ মাহো পাৰ হোৱা নাই, তথাপিও হুমায়ুন কবীয়ে বাবৰি মছজিদৰ নামত উত্তেজনা সৃষ্টিৰ চেষ্টা চলাইছে। ধৰ্মীয় আৱেগক উচটনি দি উগ্ৰ উপাদান সক্ৰিয় কৰিব বিচৰা বিধায়কগৰাকীয়ে ৰাজনৈতিক লাভালাভৰ বাবে পৰিৱেশ বিঘ্নিত কৰিছে।

বংশলে উল্লেখ কৰে যে বাবৰিৰ অজুহাতত যদি যিকোনো ঠাইতে হিন্দুৰ ওপৰত কোনো আক্ৰমণ সংঘটিত হয় তেন্তে দায়িত্ব পোনপটীয়াকৈ হুমায়ুন কবীৰ, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ৰাজ্য প্ৰশাসনৰ ওপৰত নিৰ্ভৰ কৰিব। ৰাম জন্মভূমি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তই চূড়ান্ত সত্য, ইয়াক অৱজ্ঞা কৰি দেশত অশান্তি বিয়পোৱাৰ চেষ্টা মানি ল’ব নোৱাৰি।

তেওঁ উল্লেখ কৰে যে বংগ ইতিমধ্যে অবৈধ অনুপ্ৰৱেশ আৰু উগ্ৰপন্থী কাৰ্যকলাপে জুৰুলা কৰিছে আৰু এনে সময়ত বিধায়কগৰাকীৰ এই পদক্ষেপে ৰাজ্যখনৰ আইন-শৃংখলাৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনিব পাৰে। ৰাজ্য চৰকাৰৰ পৰা তাৎক্ষণিক আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত বংশালে কয় যে লাখ লাখ মানুহৰ বিশ্বাসক ৰাজনৈতিক আহিলা হ’বলৈ দিব নোৱাৰি।

ভিএইচপিৰ মুখপাত্ৰগৰাকীয়ে ৰাজ্যপাল আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়কো পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ পূৰ্বে এই ধৰণৰ বিঘ্নিতকাৰী প্ৰচেষ্টা ৰোধ কৰাৰ বাবে হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে । প্ৰশাসনে বেলডাঙা অঞ্চলত নিৰাপত্তা বৃদ্ধি কৰি পৰিস্থিতি নিৰীক্ষণ কৰি আছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande