সোণাপুৰত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ বিশেষ কাৰ্যসূচী
গুৱাহাটী, ০৬ ডিচেম্বৰ (হি.স.)। সোণাপুৰৰ ডিগাৰু উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত পৰিবহন বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত শীৰ্ষক কাৰ্যসূচী। কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত যান বাহনৰ ওজৰ-আপত্তিৰ তৎকালীন নিস্পত্তিৰ উদ্দেশ্যে আয়োজন কৰা এই সজাগ
সোণাপুৰত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ বিশেষ কাৰ্যসূচী


সোণাপুৰত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ বিশেষ কাৰ্যসূচী


গুৱাহাটী, ০৬ ডিচেম্বৰ (হি.স.)। সোণাপুৰৰ ডিগাৰু উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত পৰিবহন বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত শীৰ্ষক কাৰ্যসূচী।

কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত যান বাহনৰ ওজৰ-আপত্তিৰ তৎকালীন নিস্পত্তিৰ উদ্দেশ্যে আয়োজন কৰা এই সজাগতামূলক কাৰ্যসূচীত পুৱাৰে পৰা দেখিবলৈ পোৱা গ'ল ৰাইজৰ সোঁত।

বিভিন্ন ব্যক্তিগত ব্যস্ততাৰ হেতু একাংশ বাহনৰ গৰাকীয়ে মহানগৰীৰ কাৰ্যালয়ত গৈ বাহনৰ পঞ্জীয়ন নবীকৰণ, অনুজ্ঞাপত্ৰ বা কৰ পৰিশোধ কৰিব নোৱাৰে। তেনে লোক সকলক ঠাইতে যাতে এনে সুবিধাসমূহ দিব পাৰে সেই উদ্দেশ্যেৰে জিলা পৰিবহন বিভাগে আৰম্ভ কৰিছে ৰাইজৰ সেৱা ৰাইজৰ পদূলিত শীৰ্ষক এক বিশেষ কাৰ্যসূচী।

ইয়াৰ যোগেৰে ৭৫ টাতকৈও অধিক সংস্পৰ্শবিহীন সেৱা অনলাইনযোগে আগবঢ়োৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে পৰিবহন বিভাগে। কাৰ্যসূচীত পৰিবহন বিষয়া গৌতম দাস উপস্থিত থাকি ৰাইজক নৱবৰ্ষৰ প্ৰাকক্ষণত সুৰাপান নকৰাকৈ সুশৃংখলিত ভাৱে বাহন চলাই অনাকাংক্ষিত দুৰ্ঘটনা ৰোধ কৰাৰ বাবে আহ্বান জনায়।

ডিগাৰুত আয়োজন কৰা উক্ত কাৰ্যসূচীত সহস্ৰাধিক লোক উপস্থিত থাকি পৰিবহন বিভাগৰ এই সেৱাৰ সুবিধা গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে ছাত্ৰ ছাত্ৰী সকলৰ মাজত এক পৰিবহন বিষয়ক সজাগতা সভাও অনুষ্ঠিত হয়।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande