তিনিচুকীয়াত অনুষ্ঠিত অসম গ্ৰন্থ মেলা ৭ ডিচেম্বৰত সামৰণি পৰিব
তিনিচুকীয়া, ০৬ ডিচেম্বৰ (হি.স.)। তিনিচুকীয়াত যোৱা ২৮ নৱেম্বৰৰ পৰা অনুষ্ঠিত হৈছে অসম প্ৰকাশন পৰিষদৰ অসম গ্ৰন্থ মেলা। প্ৰায় ৩০ খন গ্ৰন্থ বিপনীয়ে অংশগ্ৰহণ কৰিছে গ্ৰন্থ মেলাত। বহু ন -পুৰণি গ্ৰন্থৰ সমাহাৰ। যোৰহাট -ডিব্ৰুগড়ৰ তুলনাত গ্ৰন্থ মেলাত নাই
তিনিচুকীয়াত অনুষ্ঠিত অসম গ্ৰন্থ মেলা ৭ ডিচেম্বৰত সামৰণি পৰিব


তিনিচুকীয়া, ০৬ ডিচেম্বৰ (হি.স.)। তিনিচুকীয়াত যোৱা ২৮ নৱেম্বৰৰ পৰা অনুষ্ঠিত হৈছে অসম প্ৰকাশন পৰিষদৰ অসম গ্ৰন্থ মেলা। প্ৰায় ৩০ খন গ্ৰন্থ বিপনীয়ে অংশগ্ৰহণ কৰিছে গ্ৰন্থ মেলাত। বহু ন -পুৰণি গ্ৰন্থৰ সমাহাৰ। যোৰহাট -ডিব্ৰুগড়ৰ তুলনাত গ্ৰন্থ মেলাত নাই পাঠকৰ সহাৰি। উল্লেখযোগ্য যে গ্ৰন্থ মেলাত উপলব্ধ গ্ৰন্থৰ ভিতৰত জ্যেষ্ঠ সাংবাদিক মৃণাল কুমাৰ বৰাৰ জুবিন বৈভৱ শীৰ্ষক গ্ৰন্থ খন অন্যতম। পাঠক সমাজে আকোঁৱালি লৈছে জুবিন বৈভৱক। গ্ৰন্থ মেলাত গ্ৰন্থৰ বিক্ৰী আশানুৰুপ নহয় বুলি অসম প্ৰকাশন পৰিষদৰ আয়োজক সমিতি উল্লেখ কৰিছে।

বনলতা প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে সাংবাদিক মৃণাল কুমাৰ বৰাৰ জুবিন বৈভৱ। ৭ ডিচেম্বৰত সামৰণি পৰিব এই অসম গ্ৰন্থ মেলাৰ ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande