
গোলাঘাট, ০৬ ডিচেম্বৰ (হি.স.)। অসম চৰকাৰে ঘোষণা কৰা সাহিত্যিক পেঞ্চন আৰু সাহিত্য বঁটাৰ বাবে নিৰ্বাচিত হৈছে বোকখাতৰ সুবৰ্ণ শইকীয়া বৰদলৈ ৷ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সৈতে জড়িত হৈ প্ৰধান সম্পাদিকাৰ পৰা আৰম্ভ কৰি বৰ্তমান সভানেত্ৰী পদ অলংকৃত কৰি থকা সুবৰ্ণ শইকীয়া বৰদলৈয়ে বিভিন্ন সৃষ্টিৰাজিৰে সাহিত্যৰ ভৰাল চহকী কৰাৰ লগতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আন্তঃগাঁথনি উন্নয়ন আৰু বিভিন্ন ন্যাস গঠন কৰি সাংগঠনিক ভেটি সুদৃঢ় কৰাত মুখ্য ভুমিকা গ্ৰহণ কৰিছিল ৷
শুক্ৰবাৰে অসম চৰকাৰে সাহিত্যিক পেঞ্চন আৰু সাহিত্য বঁটাৰ বাবে সুবৰ্ণ শইকীয়া বৰদলৈক নিৰ্বাচিত কৰাৰ পিছত উচ্চ শিক্ষা সঞ্চালকালয়ৰ পৰা ফোনযোগে অৱগত কৰাৰ পিছত উৎফুল্লিত হৈ পৰিছে সাহিত্যিক গৰাকী ৷ দেওবাৰে গুৱাহাটী কটন বিশ্ববিদ্যালয়ত প্ৰদান কৰিব লগা অনুষ্ঠানত সাহিত্যিক সুবৰ্ণ শইকীয়া বৰদলৈয়ে বঁটা গ্ৰহণ কৰিব ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা