
লক্ষীমপুৰ, ০৬ ডিচেম্বৰ (হি.স.)। হাতত কাচি লৈ আঘোণৰ পথাৰত নামিল এজাক ছাত্ৰ–ছাত্ৰী৷ এতিয়া আঘোণ মাহ । সোণগুটি চপোৱাৰ বতৰ এয়া । সোণালী হৈ জিলিকি পৰিছে আঘোণৰ পথাৰ ৷ আঘোণৰ ভৰপূৰ পথাৰত চৌদিশে সোণগুটি চপোৱাত ব্যস্ত এতিয়া চহা কৃষক-দাৱনীসকল ৷ কাচিৰ কেচ্ কেচ্ শব্দ কেউদিশে বতাহত উৰিছে ।আঘোণৰ পথাৰত নিজৰ পৰম্পৰা আৰু ঐতিহ্যৰ সৈতে চিনাকী কৰাই দিয়াৰ প্ৰয়াস ঢকুৱাখনাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় কাইজেন একাডেমীৰ। আঘোণৰ পথাৰত দাৱনীৰ ৰূপত এজাক ছাত্ৰ ছাত্ৰী। কাইজেন একাডেমীৰ ব্যতিক্ৰমী পদক্ষেপে ।
ছাত্ৰ-ছাত্ৰী সকলক জীৱনমুখী শিক্ষাৰে সমৃদ্ধ কৰাৰ প্ৰয়াস বিদ্যালয় খনৰ। বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলে আঘোণৰ পথাৰত এদিনৰ বাবে হাতত কাঁচি আৰু বিৰীয়ালৈ পথাৰলৈ যোৱাৰ মাদকতা। সময়ৰ পৰিৱৰ্তিত ব্যৱস্থাত হেৰাই যাব ধৰা নিৰ্ভেজাল মাদকতাবোৰ অনুভৱ কৰাৰ দিহা কৰিলে বিদ্যালয় শিক্ষক গোটে । শিক্ষাৰ্থী সকলক শিক্ষকে ধান কটা, ৰবাব টেঙা খোৱা, নৰা পেঁপা বজোৱাৰ মাদকতা দিয়াৰ ব্যৱস্থা কৰিলে। যাৰ বাবে আঘোণৰ পথাৰত ছাত্ৰ-ছাত্ৰীসকলে মুকলি মনেৰে সময় অতিবাহিত কৰিবলৈ পাই আনন্দত আত্মহাৰা হৈ পৰে। ব্যৱহাৰিক জ্ঞানেৰে সমৃদ্ধ এই সকল ছাত্ৰ ছাত্ৰীক এইবাৰ পথাৰত ধানক কটা, ধান অনাৰ শিক্ষা দিয়াৰ প্ৰয়াক লৈ উৎফুলিত ছাত্ৰ ছাত্ৰী।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা