
বঙাইগাঁও, ০৬ ডিচেম্বৰ (হি.স.): অসম মহিলা আয়োগ আৰু অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত ৰাজ্যজুৰি বিশ্বাস যাত্ৰা বাহিৰ কৰা হৈছে । বিশ্বাস যাত্ৰাৰ অংশ হিচাপে ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰ লতা ডেকা যোৱা কালি শুকুৰবাৰে বিয়লি অভয়াপুৰী জিলা কাৰাগাৰত উপস্থিত হয় ।
কাৰাগাৰত উপস্থিত হৈ আঙুৰলতা ডেকাই কাৰাবাস খাটি থকা মহিলা হাজোতী ,কয়েদী সকলৰ লগত মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ অৱস্থাৰ বুজ লয়। বিশেষকৈ মহিলা সকলক মানসিক ভাবে সজাগ সচেতন কৰা, মহিলা সৱলীকৰণ, মহিলাৰ ওপৰত নিৰ্যাতন আদিৰ বিষয়ে সজাগতা বৃদ্ধিৰ উদ্দেশ্যেৰে এই যাত্ৰা আৰাম্ভ কৰিছে বুলি মন্তব্য কৰে আঙুৰলতা ডেকাই । মহিলা সকলৰ যিকোনো সমস্যাৰ সন্দৰ্ভত ১৮১ হেল্পলাইন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় আয়োগৰ অধ্যক্ষা গৰাকীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ