

গুৱাহাটী, ০৬ ডিচেম্বৰ (হি.স.)। গুৱাহাটীৰ দিছপুৰ আৰক্ষীয়ে এখন হোটেলত অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰ’ইনসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীয়ে শনিবাৰে জনোৱা মতে, চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত অভিযান চলাই দিছপুৰ আৰক্ষী থানাৰ এটা দলে ছয় মাইল অঞ্চলৰ হোটেল ছিলভাৰ ষ্টেৰ পৰা হেৰ’ইনসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত লোকজন হাইলাকান্দিৰ ছাদিক মহম্মদ লস্কৰ (৪১) বুলি জানিব পৰা গৈছে।
অভিযানৰ সময়ত আৰক্ষীয়ে ১০৩ গ্ৰাম হেৰ’ইন থকা ৯টা চাবোনৰ বাকচ উদ্ধাৰ কৰে। এই সন্দৰ্ভত এনডিপিএছ আইনৰ অধীনত আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ