তামুলপুৰত কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ
তামুলপুৰ, ০৬ ডিচেম্বৰ (হি.স.)। তামুলপুৰ জিলাৰ কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ। তামুলপুৰ জিলাৰ গোৰেশ্বৰ চ''কৰ পৰা গোৰেশ্বৰ কলেজলৈ অসম মালা ২০২৫-২৬ আঁচনিৰ অধীনত নিৰ্মাণ কৰিবলগীয়া পথটোৰ লগতে আন্ধেৰিঘাটৰ পৰা দিমাকুছি,
তামুলপুৰত কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ


তামুলপুৰ, ০৬ ডিচেম্বৰ (হি.স.)। তামুলপুৰ জিলাৰ কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ। তামুলপুৰ জিলাৰ গোৰেশ্বৰ চ'কৰ পৰা গোৰেশ্বৰ কলেজলৈ অসম মালা ২০২৫-২৬ আঁচনিৰ অধীনত নিৰ্মাণ কৰিবলগীয়া পথটোৰ লগতে আন্ধেৰিঘাটৰ পৰা দিমাকুছি, বগামাটি, বাঙালীপাৰালৈ যোৱা পথ, দ্বাৰকুছিৰ পৰা সোণতলালৈ যোৱা পথচোৱাৰ লগতে অসম চৰকাৰৰ আঁচনি অসম মালাৰ অধীনত আজি বিটিচিৰ মুঠ ৬ টা পথৰ আধাৰশিলা স্থাপন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে।

এইক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে। ইয়াৰোপৰি পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে বিটিচিৰ উন্নয়নমূলক কাম কাজ সমূহ কৰি যাম বুলিও বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী মত প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande