
কোকৰাঝাৰ, ০৬ ডিচেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাৰ তামাৰহাটৰ পোকালাগিত যোৱাকালি শুকুৰবাৰে সন্ধিয়া ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। চাৰি চকীয়া বাহন আৰু চাইকেলৰ মাজত মুখামুখি সংঘর্ষৰ ফলতে এই দুৰ্ঘটনা ঘটে । দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুই চাইকেল আৰোহী ।
আহত চাইকেল আৰোহী দুজন ক্ৰমে ছাইফুল ইছলাম আৰু চান্দ মহম্মদ বুলি পৰিচয় পোৱা । দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে চাৰি চকীয়া বাহনৰ চালক । বাহন খনৰ নম্বৰ এএছ ১৮ বি ২৩১৫ বুলি জানিব পৰা গৈছে । উত্তেজিত ৰাইজে ভাঙি চুৰমাৰ কৰিলে দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ । ইপিনে গুৰুতৰ ভাবে আহত দুয়োকে তামাৰহাট চিকিৎসালয়ত ভৰ্তি কৰায় । চাইকেল আৰোহি দুজন পোকালাগি পাচঁ আলি বজাৰৰ পৰা নিজ ঘৰলৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ