জানুৱাৰী মাহত অনুষ্ঠিত হ'ব পৰীক্ষা পে চৰ্চাৰ নৱম সংস্কৰণ
নতুন দিল্লী, ০৬ ডিচেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষকৰ বাবে ফ্লেগশ্বিপ কাৰ্যসূচী পৰীক্ষা পে চৰ্চা (পিপিচি) ২০২৬ চনৰ জানুৱাৰী মাহত নৱম সংস্কৰণত অনুষ্ঠিত হ''ব। পৰীক্ষা সম্পৰ্কীয় উদ্বেগ, ইতিবাচক প্ৰস্তুতি, আ
জানুৱাৰী মাহত অনুষ্ঠিত হ'ব পৰীক্ষা পে চৰ্চাৰ নৱম সংস্কৰণ


নতুন দিল্লী, ০৬ ডিচেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষকৰ বাবে ফ্লেগশ্বিপ কাৰ্যসূচী পৰীক্ষা পে চৰ্চা (পিপিচি) ২০২৬ চনৰ জানুৱাৰী মাহত নৱম সংস্কৰণত অনুষ্ঠিত হ'ব। পৰীক্ষা সম্পৰ্কীয় উদ্বেগ, ইতিবাচক প্ৰস্তুতি, আৰু পৰীক্ষা উদযাপনৰ ধাৰণা আদিৰ ওপৰত ভিত্তি কৰি গঠিত এই অনন্য কাৰ্যসূচীত ভাৰত আৰু বিদেশৰ অংশগ্ৰহণকাৰীসকলে প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰা দেখা যায়।

শিক্ষা মন্ত্ৰালয়ে শনিবাৰে ঘোষণা কৰে যে ২০২৫ চনৰ ১ ডিচেম্বৰৰ পৰা ২০২৬ চনৰ ১১ জানুৱাৰীলৈকে মাইগভ পৰ্টেলত অনলাইন এমচিকিউ ভিত্তিক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে, যাতে এই কাৰ্যসূচীৰ বাবে অংশগ্ৰহণকাৰী নিৰ্বাচন কৰা হয়। ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰী, শিক্ষক, আৰু অভিভাৱকে অংশগ্ৰহণ কৰিব পাৰিব। পঞ্জীয়ন সম্পূৰ্ণ কৰা সকলো অংশগ্ৰহণকাৰীয়ে মাইগভ (MyGov)ৰ পৰা অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ লাভ কৰিব।

২০২৫ চনৰ ১০ ফেব্ৰুৱাৰীত সম্প্ৰচাৰিত পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ, নতুন দিল্লীৰ সুন্দৰ নাৰ্চাৰীত এক অভিনৱ আৰ্হিত অনুষ্ঠিত হয়। ইয়াত দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৬ জন প্ৰতিনিধি ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। চৰকাৰী বিদ্যালয়, কেন্দ্ৰীয় বিদ্যালয়, নৱোদয় বিদ্যালয়, সৈনিক বিদ্যালয়, একলব্য আদৰ্শ আৱাসিক বিদ্যালয়, আৰু চিবিএছই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰেৰণা প্ৰাক্তন ছাত্ৰ, কলা উৎসৱ, আৰু বীৰ গাথাৰ পৰা বিজয়ীসকলো এই কাৰ্যসূচীৰ অংশ আছিল। মানসিক স্বাস্থ্য, ক্ৰীড়া আৰু অনুশাসন, পুষ্টি, প্ৰযুক্তি, বিত্ত, সৃষ্টিশীলতা, ইতিবাচকতা আদি বিষয়ৰ ওপৰতো সাতটা ভিন্ন খণ্ড উপস্থাপন কৰা হয়।

উল্লেখ্য যে ২০২৫ চনত পৰিক্ষা পে চৰ্চাই এক অভূতপূৰ্ব কৃতিত্ব অৰ্জন কৰি গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়। ২৪৫খনতকৈও অধিক দেশৰ ছাত্ৰ-ছাত্ৰী, ১৫৩খন দেশৰ শিক্ষক আৰু ১৪৯খন দেশৰ অভিভাৱকে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচী ক্ৰমাগতভাৱে সম্প্ৰসাৰিত হৈছে—২০১৮ চনত প্ৰথম সংস্কৰণত মাত্ৰ ২২,০০০ অংশগ্ৰহণকাৰীৰ পৰা ২০২৫ চনত অষ্টম সংস্কৰণত ৩.৫৬ কোটি পঞ্জীয়নলৈ বৃদ্ধি পাইছিল । ইয়াৰ উপৰিও পিপিচি ২০২৫ৰ সৈতে জড়িত ৰাজহুৱা আন্দোলনত ১.৫৫ কোটি লোকে অংশগ্ৰহণ কৰাত মুঠ অংশগ্ৰহণ প্ৰায় পাঁচ কোটিলৈ বৃদ্ধি কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande