
নগাও, ০৬ডিচেম্বৰ (হি.স.)। ৰূপহীহাটত দ্বিতীয়টো উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। চামগুৰি ৰাজহ চক্ৰৰ খাটোৱাল মৌজাৰ বেলগুৰি কছাৰীগাওঁ কিচামতৰ ৩নং দাগৰ ৩৮০বিঘাৰো অধিক ভূমিত চলিব উচ্ছেদ। ৩নং দাগৰ অংশ ৫২৮,৫০৫,৫০৬,৬০৪ গ্ৰেজিং ৰিজাৰ্ভৰ বেদখলকৃত ভূমিত উচ্ছেদৰ জাননী প্ৰেৰণ প্ৰশাসনৰ। অভিযোগ অনুসৰি বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত ৰূপহীহাটৰ গ্ৰেজিং ৰিজাৰ্ভত একাংশ সন্দেহযুক্ত নাগৰিকে বেদখল অব্য়াহত ৰাখিছিল। গ্ৰেজিং ৰিজাৰ্ভৰ ভুমিত পুখুৰী খান্দি মাছ পোহা,খেতিবাতি কৰি সুখ স্বাচ্ছন্দৰ জীৱন অতিবাহিত কৰিছিল।
প্ৰায় ২০০পৰিয়াললৈ জাননী প্ৰেৰণ কৰিছে চামগুৰি ৰাজহ চক্ৰই। যি সকলৰ বৈধ নথি পত্ৰ আছে তেওলোকক ১২ ডিচেম্বৰ তাৰিখে চক্ৰ বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হব লগা শুনানিত অংশগ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা