
মাজুলী, ০৬ ডিচেম্বৰ (হি.স.): মাজুলী জিলাৰ অন্তৰ্গত হোৱা স্বত্বেও মাজুলীৰ পৰা বিছিন্ন হৈ থকা আঁহতগুৰিৰ কংসচাপৰিত যোৱা কালি শুকুৰবাৰে আবেলি এক ভয়ংকৰ ঘটনা সংঘটিত হয় ৷ নিজ পত্নী তথা দুটা সন্তানৰ মাতৃক স্বামীয়ে হত্য়া কৰাৰ অভিযোগ উত্থাপিত হৈছে।
গড়মুৰ থানাৰ অন্তৰ্গত আহতগুৰিৰ কংসচাপৰিৰ নিৱাসী উৎপল বৰাই পত্নীক হত্যা কৰি বিচনাত শুৱাই থোৱাৰ গুৰুতৰ অভিযোগ তুলিছে মহিলা গৰাকীৰ পৰিয়ালৰ লোকে ৷ দুগৰাকী কন্যা সন্তান বিদ্যালয়লৈ যোৱাৰ পাছত মাতৃ গৰাকী ঘৰত থকা অৱস্থাত এই ঘটনা সংঘটিত হয় ৷ বিদ্যালয়ৰ পৰা আহি কন্যা সন্তান গৰাকীয়ে মাতৃৰ মৃত্যু বিচনাত এইদৰে পৰি থকা দেখি হুলস্থূল কৰাত গাঁওবাসীয়ে ঘটনা সম্পৰ্কে আৰক্ষীক অৱগত কৰে ৷ পিছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে আৰু স্বামী উৎপল বৰাক সোধাপোছা কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ