গোৰেশ্বৰত ৩ বছৰে সম্পূৰ্ণ নহ’ল মথাউৰি নিৰ্মাণৰ কাম
গোৰেশ্বৰত মাথাউৰি নিৰ্মাণত হেমাহি।
গোৰেশ্বৰত ৩ বছৰে সম্পূৰ্ণ নহ’ল মথাউৰি নিৰ্মাণৰ কাম


তামুলপুৰ, ০৬ ডিচেম্বৰ (হি.স.): তামুলপুৰৰ ঢেকীপোটাৰ পৰা দক্ষিণ গান্ধীবাৰী সংযোগী পুঠিমাৰী নৈৰ মাথাউৰি নিৰ্মাণত হেমাহি কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই মথউৰি নিৰ্মাণৰ বাবে ২০২২-২০২৩ বৰ্ষত লাভ কৰিছিল ৯ কৌটি টকাৰ ২৯৭০মিটাৰ আৰু ২৬৭ প্ৰোটেকচনৰ নিবিদা । পিছে আৱন্টন পায়ো ঠিকাদাৰ ভৱদেৱ মহন্ত আৰু ৰয়েল ট্ৰেডিং নামৰ কোম্পানীটোৱে বিগত প্ৰায় ৩ বছৰে সম্পূৰ্ণ নকৰিলে মাথাউৰি নিৰ্মাণৰ কাম।

আনহাতে যিখিনি কাম কৰা হৈছে সেয়া অতি নিম্নমানৰ নিৰ্মাণৰ অভিযোগ তুলিছে স্থানীয় ৰাইজ তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক মাথাউৰি নিৰ্মাণৰ দাবী জনাইছে অঞ্চলবাসী লোকসকলে ৷ লগতে নিম্নমানৰ মাথাউৰি নিৰ্মাণ কৰা ঠিকাদাৰ ভৱদেৱ মহন্ত আৰু ৰয়েল ট্ৰেডিং নামৰ কোম্পানীটোৱে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande