বহি:ৰাজ্যত মৃত্যু মাজুলীৰ যুৱকৰ
মাজুলীৰ ফুটচাং গাঁওৰ যুৱক কুশল বৰাৰ বহি:ৰাজ্যত মৃত্যু ।
বহি:ৰাজ্যত মৃত্যু মাজুলীৰ যুৱকৰ


শোকাকূল পৰিবেশে বিৰাজ কৰিছে মাজুলীৰ ফুটচাং গাঁৱত

মাজুলী, ০৬ ডিচেম্বৰ (হি.স.): কৰ্মসংস্থাপন বিচাৰি প্ৰত্যেক দিনাই অসমৰ পৰা বহু শিক্ষিত যুৱকৰ বহিঃৰাজ্যলৈ গমন কৰিছে । মাজুলীৰ ফুটচাং গাঁৱৰ শিক্ষিত যুৱক কুশল বৰাও বহু আশা বান্ধি যোৱা জুন মাহত কৰ্মসংস্থাপন বিচাৰি ঢাপলি মেলিছিল হাইদৰাবাদৰ হাইটেক চিটিলৈ ।

হাইটেক চিটিৰ এটা কোম্পানীত কৰ্মসংস্থাপন লাভ কৰি যোৱা ৬মাহ কৰ্মৰত হৈ আছিল যুৱক জন । যোৱা বুধবাৰে নিশা কৰ্মৰত অৱস্থাত যুৱক জনৰ মৃত্যু হয় । বৰ্তমান যুৱকজনৰ মৃতদেহটো নিজ গৃহলৈ আনিবলৈ অসমৰ্থ আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালটো । যুৱকজনৰ মৃতদেহতো নিজ গৃহলৈ আনি দিবলৈ সহায়ৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মাজুলীৰ বিধায়ক ভুৱন গামক কৰজোৰে প্ৰাৰ্থনা জনাইছে পৰিয়ালটোৱে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande