গোলাঘাটত অস্বাভাবিক হাৰত মৃত্যু হৈছে কাউৰী
গোলাঘাট, ০৬ ডিচেম্বৰ (হি.স.)। প্ৰকৃতি প্ৰেমীৰ বাবে দুখৱৰ। গোলাঘাটত অস্বাভাবিক হাৰত মৃত্যু হৈছে কাউৰী। গোলাঘাট জিলা আয়ুক্ত বাসগৃহৰ সমীপত মৃত্যু হৈছে প্ৰায় শতাধিক কাউৰী। গোলাঘাট নগৰৰ ভি আই পি ৰোডত থকা এজোপা বৃহৎ গছত বছৰ বছৰ ধৰি বাস কৰি আহিছিল শ শ ক
গোলাঘাটত অস্বাভাবিক হাৰত মৃত্যু হৈছে কাউৰী


গোলাঘাট, ০৬ ডিচেম্বৰ (হি.স.)। প্ৰকৃতি প্ৰেমীৰ বাবে দুখৱৰ। গোলাঘাটত অস্বাভাবিক হাৰত মৃত্যু হৈছে কাউৰী। গোলাঘাট জিলা আয়ুক্ত বাসগৃহৰ সমীপত মৃত্যু হৈছে প্ৰায় শতাধিক কাউৰী। গোলাঘাট নগৰৰ ভি আই পি ৰোডত থকা এজোপা বৃহৎ গছত বছৰ বছৰ ধৰি বাস কৰি আহিছিল শ শ কাউৰী ৷ কিন্ত হঠাৎ আজি গছজোপাৰ তলত পথৰ কাষত পৰি ৰৈছে কাউৰীৰ মৃতদেহ ৷ বহু কাউৰী অসুস্থ হৈ পৰি ৰৈছে ৷

গোলাঘাটৰ বন বিভাগৰ লোকে কাউৰী সমুহৰ মৃতদেহ উঠাই লৈ পশু চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ যদিও কাউৰী সমুহৰ মৃত্যুৰ কাৰন এতিয়াও স্পষ্ট হোৱা নাই ৷ খাদ্যত বিষক্ৰিয়া হৈ মৃত্যু হোৱাৰ সম্ভাৱনা বুলি বন বিভাগে জানিবলৈ দিছে ৷ প্ৰশাসন,পৌৰসভা আৰু চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ৰাইজে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande