ইণ্ডিগ’ক ক্ষতিগ্ৰস্ত যাত্ৰীক ধন ঘূৰাই দিয়াৰ নিৰ্দেশ
নতুন দিল্লী, ০৬ ডিচেম্বৰ (হি.স.)। ইণ্ডিগ’ৰ বিমান সেৱা বন্ধ কৰাৰ বাবে যাত্ৰীসকলৰ অসুবিধা আৰু ধন ঘূৰাই পোৱাত পলম হোৱাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে দৃঢ় স্থিতি গ্ৰহণ কৰি বিমান সংস্থাটোক তৎকালীনভাৱে তেওঁলোকৰ ধন ঘূৰাই দিবলৈ নি
नागरिक उड्डयन मंत्रालय


নতুন দিল্লী, ০৬ ডিচেম্বৰ (হি.স.)। ইণ্ডিগ’ৰ বিমান সেৱা বন্ধ কৰাৰ বাবে যাত্ৰীসকলৰ অসুবিধা আৰু ধন ঘূৰাই পোৱাত পলম হোৱাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে দৃঢ় স্থিতি গ্ৰহণ কৰি বিমান সংস্থাটোক তৎকালীনভাৱে তেওঁলোকৰ ধন ঘূৰাই দিবলৈ নিৰ্দেশ দিয়ে।

মন্ত্ৰালয়ে নিৰ্দেশ দিছে যে দেওবাৰে নিশা ৮:০০ বজাৰ ভিতৰত বাতিল বা পিছুৱাই দিয়া সকলো বিমানৰ ধন ঘূৰাই দিব লাগিব। যিসকল যাত্ৰীৰ ভ্ৰমণ পৰিকল্পনা বাতিলৰ ফলত প্ৰভাৱিত হৈছে তেওঁলোকৰ পৰা আৰু কোনো ধৰণৰ ৰিবুকিং মাচুল ল’ব নোৱাৰিব বিমান সংস্থাটোৱে। মন্ত্ৰালয়ে সকীয়াই দিছে যে ধন ঘূৰাই দিয়াত যিকোনো পলম হ’লে বা নিয়ম উলংঘা কৰিলে তাৎক্ষণিকভাৱে আইনী আৰু নিয়ন্ত্ৰণমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

মন্ত্ৰালয়ৰ মতে, যাত্ৰীৰ অভিযোগ তৎকালীনভাৱে সমাধানৰ বাবে ইণ্ডিগ’ক এটা নিবেদিত বিশেষ সহায় আৰু ধন ঘূৰাই অনা সুবিধা কোষ স্থাপন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই কোষে স্বয়ংক্ৰিয়ভাৱে আক্ৰান্ত যাত্ৰীসকলৰ সৈতে যোগাযোগ কৰিব আৰু বাৰে বাৰে অনুসৰণ নকৰাকৈ ধন ঘূৰাই দিয়া বা বিকল্প ভ্ৰমণৰ ব্যৱস্থা কৰাটো নিশ্চিত কৰিব। কাৰ্য্যকলাপ স্বাভাৱিক নোহোৱালৈকে স্বয়ংক্ৰিয় ধন ঘূৰাই দিয়াৰ ব্যৱস্থা থাকিব।

মন্ত্ৰালয়ে ইণ্ডিগ’ক নিৰ্দেশ দিছে যে বাতিল বা পলম হোৱাৰ বাবে যাত্ৰীসকলৰ পৰা হেৰাই যোৱা সকলো লাগেজৰ সন্ধান উলিয়াই অনাগত ৪৮ ঘণ্টাৰ ভিতৰত তেওঁলোকৰ ঘৰৰ ঠিকনাত ডেলিভাৰী দিব লাগে। প্রয়োজন হ’লে বিমান সংস্থাটোৱে যাত্রীক বিদ্যমান নিয়মৰ অধীনত ক্ষতিপূৰণো দিব লাগিব৷

মন্ত্ৰালয়ে কয় যে এই সমগ্ৰ সংকটৰ সময়ছোৱাত যাত্ৰীৰ অধিকাৰৰ সম্পূৰ্ণ সুৰক্ষা নিশ্চিত কৰি আছে। জ্যেষ্ঠ নাগৰিক, ৰোগী, ছাত্ৰ-ছাত্ৰী আৰু অত্যাৱশ্যকীয় ভ্ৰমণত থকাসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে নিৰীক্ষণ আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মন্ত্ৰালয়ে অতি সোনকালে বিমান সেৱা সম্পূৰ্ণৰূপে পুনৰ আৰম্ভ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande