
কামৰূপ, ০৬ ডিচেম্বৰ (হি.স.)। পলাশবাৰীত অব্যাহত আছে চোৰাং কাঠ,চোৰাং গৰুৰ ৰমৰমীয়া বেহা। ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ শুকুৰবাৰে বিট অফিচৰ সন্মুখেৰে নিতৌ অসমলৈ আহিছে চোৰাং কাঠ ভৰ্তি গাড়ী। দৈনিক অসমৰ পৰা মেঘালয়লৈ সৰবৰাহ হৈ আছে চোৰাং গৰুৰ গাড়ী।
অবৈধ ব্যৱসায়ীক ৰক্ষণাবেক্ষণ দি আহিছে ৰাণী বনাঞ্চলিক কাৰ্যালয়ে।দিৰ্ঘ দিনৰ পৰা চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়ৰ বিৰুদ্ধে স্থানীয় ৰাইজে সময়ে সময়ে আৰক্ষী আৰু বন বিভাগক অবগত কৰিছে যদিও আৰক্ষী আৰু বন বিভাগে এই ক্ষেত্ৰত চকুমুজা কুলিৰ ভুমিকা গ্ৰহণ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে।
ৰাইজৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ বিট অফিচৰ বিট অফিচাৰক শাস্তি মূলক বদলি কৰা হৈছে।আৰক্ষী আৰু বন বিভাগক এই ক্ষেত্ৰত সক্ৰিয় ভুমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু