
কোকৰাঝাৰ, ০৬ ডিচেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ মহকুমাৰ আৰক্ষী চকীৰ অন্তৰ্গত বাঁশবাৰীত মুকলি জুৱা, অবৈধ চুলাই মদৰ মুকলি বেহাক লৈ সচেতন মহলে চিন্তিত হৈ পৰিছে। বৰ্তমান মুকলি জুৱা, অবৈধ চুলাই মদৰ বেহা আৰু সমাজ-বিৰোধী কার্যকলাপে পুনৰ শক্তি লাভ কৰা দেখা গৈছে।
যিটো সময়ত দল সংগঠনে সমাজত প্রচলিত বাল্য বিবাহ, শিশু শ্রমিক, তীৰ-জুৱা, নিচা জাতীয় দ্রব্য, কু-সংস্কাৰ সমাজৰ পৰা নোহোৱা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। তেনে সময়তে কিছুমান অসামাজিক গোটে মুকলি জুৱা আৰু নিষিদ্ধ মদৰ ব্যৱসায় চলাই থকা পৰিলক্ষিত হৈছে। যোৱা কালি আবেলি গোসাইগাঁৱৰ ভোমৰাবিলত অনুষ্ঠিত হোৱা এবিএমছুৰ সজাগতা সভাত এবিএমছুৰ সভাপতি টাইচন হুছেইনে মদ, ভাং, জুৱা বন্ধ কৰিবলৈ আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ