
যোৰহাট, ০৬ ডিচেম্বৰ (হি.স.)। তিতাবৰত বৃহৎ কৃষক সজাগতা সভা সম্পন্ন। যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত ভাৰতীয় জনতা পাৰ্টীৰ কৃষক মৰ্চ্চাৰ অসম প্ৰদেশৰ সহযোগত তিতাবৰত জিলাখনৰ বিভিন্ন প্ৰান্তৰ কৃষক সকলক সামৰি এই কৃষক সজাগতা সভা সম্পন্ন হয়।
কৃষকসকলৰ জৰিয়তে যাতে গ্ৰাম্য অৰ্থনৈতিক ভেটি টনকিয়াল কৰিব পাৰি তাৰ লক্ষ্যৰে তিতাবৰ দেৱকুমাৰ বৰা সোঁৱৰণী প্ৰেক্ষাগৃহত উক্ত বৃহৎ কৃষক সজাগতা সভাত অনুষ্ঠিত কৰে।
তিতাবৰৰ বিভিন্ন অঞ্চলৰ চাৰিশতাধিক বুনিয়াদী কৃষক ৰাইজে অংশগ্ৰহণ কৰা কৃষক সজাগতা সভাত কৃষকসকলে কৃষিৰ জৰিয়তে কেনেকৈ স্বাৱলম্বী হ'ব পাৰি বা কৃষক সকলে কেনেদৰে বিজ্ঞানসন্মতভাৱে কৃষি কাৰ্য সম্পাদন কৰি অধিক লাভাম্বিত হ'ব পাৰিব আৰু দুগুণ উৎসাহেৰে যাতে কৃষক সকল খেতিৰ লগত জড়িত হৈ পৰে সেই বিষয় সমূহৰ ওপৰতো আলোচনা কৰে।
কৃষক মৰ্চ্চাই কৃষকসকলক ৰাসায়নিক সাৰৰ পৰিবৰ্তে জৈৱিক পদ্ধতিৰে কৃষি কাৰ্য কৰিবলৈ আহ্বান জনায়। জৈৱিক পদ্ধতিৰ খেতি কৰি লাভাম্বিত হোৱাৰ লগতে স্বাস্থ্যৰ দিশত উন্নত ফল লাভ কৰিব বুলি সজাগতাৰ সৃষ্টি কৰে।
কৃষক সজাগতা সভাত মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা কৃষক মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক আৰু কৃষক মৰ্চাৰ ৰাজ্যিক সভাপতি পংকজ বৰবৰা , প্ৰাক্তন বিধায়ক হেমন্ত কলিতা , ৰাণা গোস্বামী , বিজেপিৰ যুৱ নেতা সিদ্ধাঙ্কু অংকুৰ বৰুৱা আদি উপস্থিত থাকে।
অনুষ্ঠানতে যোৰহাট জিলাৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ পাঁচশৰো অধিক কৃষকক কৃষক মৰ্চাই একোখনকৈ ফুলাম গামোচা পিন্ধাই সন্মান জনায়।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু