কাছাৰৰ সোনাইত ভয়াৱহ অগ্নিকাণ্ডত এটা বাসগৃহ ভষ্মীভূত
কাছাৰৰ সোনাইত ভয়াৱহ অগ্নিকাণ্ডত এটা বাসগৃহ পূৰ্ণৰূপে ছাই হৈ গ’ল।
কাছাৰৰ সোনাইত ভয়াৱহ অগ্নিকাণ্ডত এটা বাসগৃহ ভষ্মীভূত


কাছাৰ, ০৬ ডিচেম্বৰ (হি.স.): কাছাৰৰ সোনাই পৌৰসভাৰ ৮ নম্বৰ ৱাৰ্ডৰ ৰাঙ্গিৰঘাটত পেট্ৰ’ল পাম্পৰ ওচৰত যোৱা কালি শুকুৰবাৰে আবেলি আকস্মিকভাৱে ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় । সামস উদ্দিন লস্কৰ নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই ভযাৱহ অগ্নিকাণ্ডৰ ঘটনা। সেই সময়ত গৃহ কৰ্তা সামস উদ্দিন লস্কৰ আৰু পৰিয়ালৰ কোনো সদস্য ঘৰত নাছিল।

এই জুই মুহূর্ততে সম্পূৰ্ণ ঘৰত বিয়পি পৰে আৰু ভিতৰত থকা গেছ চিলিণ্ডাৰ বিস্ফোৰিত হোৱাত অগ্নিকাণ্ড আৰু ভয়াৱহ ৰূপ ধাৰণ কৰে। খবৰ পাই সোনাই থানাৰ ওচি ৰ’বিন টুমুঙ তথা অগ্নিনিৰ্বাপক বাহিনীসহ ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়। ঘৰৰ মালিক সামস উদ্দিন লস্কৰৰ দাবী অনুসৰি, এই অগ্নিকাণ্ডত প্ৰায় পাঁচ লাখ টকাৰো অধিক সম্পত্তি ক্ষতিগ্ৰস্ত হৈছে। অৱশ্য়ে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande