ফিফা বিশ্বকাপ ২০২৬ৰ ড্ৰ’ ঘোষণা: মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজত উদ্ধোধনী মেচ
ৱাশ্বিংটন, ০৬ ডিচেম্বৰ (হি.স.): ফিফা বিশ্বকাপ ২০২৬ৰ ড্ৰ’শুকুৰবাৰে জন এফ কেনেডি চেণ্টাৰত সামৰণি পৰে আৰু ফুটবলৰ সৰ্ববৃহৎ প্ৰতিযোগিতাখনৰ প্ৰথমখন ৪৮টা দলৰ সংস্কৰণৰ সূচী চূড়ান্ত কৰা হয়। কানাডা, মেক্সিকো আৰু আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া ফুটবলৰ এই মহাসমৰ
फीफा विश्व कप 2026 ड्रा


ৱাশ্বিংটন, ০৬ ডিচেম্বৰ (হি.স.): ফিফা বিশ্বকাপ ২০২৬ৰ ড্ৰ’শুকুৰবাৰে জন এফ কেনেডি চেণ্টাৰত সামৰণি পৰে আৰু ফুটবলৰ সৰ্ববৃহৎ প্ৰতিযোগিতাখনৰ প্ৰথমখন ৪৮টা দলৰ সংস্কৰণৰ সূচী চূড়ান্ত কৰা হয়। কানাডা, মেক্সিকো আৰু আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া ফুটবলৰ এই মহাসমৰত নতুন গ্ৰুপ ফৰ্মেট আৰু অভিলেখ সংখ্যক মেচ অনুষ্ঠিত হ’ব।

ড্ৰ’ত কেইবাখনো ৰোমাঞ্চকৰ মেচৰ ৰূপৰেখা পোহৰলৈ আহে। লিয়নেল মেছি আৰু ক্রিষ্টিয়ানো ৰোনাল্ডোৰ যুগ অনুসৰণ কৰি কাইলিয়ান এমবাপে আৰু আৰলিং হালেণ্ড ফুটবলৰ নতুন ছুপাৰষ্টাৰ হৈ পৰিছে৷ তেওঁলোকৰ দল—ফ্ৰান্স আৰু নৰৱে—গ্ৰুপ আই (I)ত স্থান দিয়া হৈছে। আফ্ৰিকান দল চেনেগালো একেটা গ্ৰুপতে আছে। ইউৰোপীয় প্লে অফ (ইউক্ৰেইন/ছুইডেন/পোলেণ্ড/আলবেনিয়া)ৰ বিজয়ীয়ে এই গ্ৰুপটোক আৰু কঠিন কৰি তুলিব, যাক বিশেষজ্ঞসকলে ইতিমধ্যে গ্ৰুপ অফ ডেথ (মৃত্যুৰ গোট) বুলি অভিহিত কৰিছে।

যোৱা বিশ্বকাপত আচৰিত ধৰণে ভাল প্ৰদৰ্শন কৰা মৰক্কোক ৫বাৰৰ চেম্পিয়ন ব্ৰাজিলৰ সৈতে গ্ৰুপ চিত স্থান দিয়া হৈছে। ইয়াৰ ফলত স্কটলেণ্ড আৰু হাইটিৰ ওপৰত হেঁচা বৃদ্ধি পায়।

গ্ৰুপ এলত শক্তিশালী প্ৰতিদ্বন্দ্বী ইংলেণ্ড আৰু ক্ৰ’ৱেচিয়াৰ মাজত মুখামুখি হ’ব। এই গ্ৰুপটো ঘানা আৰু পানামাৰ বাবে অত্যন্ত প্ৰত্যাহ্বানজনক বুলি প্ৰমাণিত হ’ব পাৰে।

যদি ইটালীয়ে ইউৰোপীয় প্লে অফৰ পৰা যোগ্যতা অৰ্জন কৰে তেন্তে কানাডা, কাটাৰ আৰু ছুইজাৰলেণ্ডৰ সৈতে গ্ৰুপ বিত যোগদান কৰিব—এই গ্ৰুপত কোনে আগবাঢ়িব সেই সম্পৰ্কে চূড়ান্ত ভৱিষ্যদ্বাণী কৰাটো কঠিন।

প্ৰতিযোগিতাখনৰ উদ্বোধনী খেলখন আয়োজক মাটিত মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব। দক্ষিণ কোৰিয়াও গ্ৰুপ এত আছে, আৰু ডেনমাৰ্ক/উত্তৰ মেচিডোনিয়া/চেক গণৰাজ্য/আয়াৰলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া ইউৰোপীয় প্লে অফৰ বিজয়ী দলটোও একেটা গ্ৰুপতে থাকিব।

সম্পূৰ্ণ ড্ৰ' তলত দিয়া ধৰণৰ:

গ্ৰুপ এ : মেক্সিকো, দক্ষিণ কোৰিয়া, দক্ষিণ আফ্ৰিকা, ইউৰোপীয় প্লে অফ বিজয়ী ডি

গ্ৰুপ বি : কানাডা, ছুইজাৰলেণ্ড, কাটাৰ, ইউৰোপীয় প্লে অফ বিজয়ী এ

গ্ৰুপ চি : ব্ৰাজিল, মৰক্কো, স্কটলেণ্ড, হাইটি

গ্ৰুপ ডি : আমেৰিকা, অষ্ট্ৰেলিয়া, পেৰাগুৱে, ইউৰোপীয় প্লে অফ বিজয়ী চি

গ্ৰুপ ই: জাৰ্মানী, কিউৰাচাও, আইভৰি কোষ্ট, ইকুৱেডৰ

গ্ৰুপ এফ : নেদাৰলেণ্ড, জাপান, টিউনিছিয়া, ইউৰোপীয় প্লে অফ বিজয়ী বি

গ্ৰুপ জি : বেলজিয়াম, ইৰাণ, ইজিপ্ত, নিউজিলেণ্ড

গ্ৰুপ এইচ : স্পেইন, উৰুগুৱে, চৌদি আৰব, কেপ ভাৰ্ডে

গ্ৰুপ আই: ফ্ৰান্স, চেনেগাল, নৰৱে, ফিফা প্লে অফ বিজয়ী (বলিভিয়া/চুৰিনাম/ইৰাক)

গ্ৰুপ জে : আৰ্জেণ্টিনা, অষ্ট্ৰিয়া, আলজেৰিয়া, জৰ্ডান

গ্ৰুপ কে: পৰ্তুগাল, কলম্বিয়া, উজবেকিস্তান, ফিফা প্লে অফ বিজয়ী (নিউ কেলেডোনিয়া/জামাইকা/ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ দ্য কংগো)

গ্ৰুপ এল : ইংলেণ্ড, ক্ৰ’ৱেচিয়া, পানামা ঘানা

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande