
কামৰূপ, ০৬ ডিচেম্বৰ (হি.স.)। ৰঙিয়াৰ এজন বিশিষ্ট চিত্ৰশিল্পীয়ে অসমীয়াৰ স্বভিমান গামোচাত অংকণ কৰিছে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ হুবহু প্ৰতিচ্ছবি। সৰুৰে পৰা চিত্ৰ আঁকি ভালপোৱা ৰঙিয়াৰ বিশিষ্ট চিত্ৰশিল্পী চম্ভু লালৰ হাতৰ পৰশত ইতিমধ্যেই প্ৰাণ পাই উঠিছে অসমৰ বহুকেইজন বিশিষ্ট শিল্পী তথা ব্যাক্তিৰ প্ৰতিচ্ছবি।
ৰঙিয়া ষ্টেচন ৰোডত থকা সম্ভু আৰ্ট নামৰ এই তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠান খনে ইতিমধ্যেই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।চিত্ৰ শিল্পী চম্ভু লালৰ পিতৃ আছিল ৰেল বিভাগৰ এজন সাধাৰণ ৰং মিস্ত্ৰী। কোনো ধৰণৰ আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাকৈ পিতৃক অনুসৰণ কৰিয়েই সম্ভু লালে অংকণ কৰি গৈছিল সুন্দৰ সুন্দৰ চিত্ৰ আৰু আজি তেওঁ এজন সফল চিত্ৰশিল্পী।গতিকে ইচ্ছা আৰু একগ্ৰতা থাকিলে সকলো যেন সম্ভৱ তাৰেই যেন প্ৰমাণ কৰি দেখুৱালে সম্ভু লালে । অসমীয়াৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অসমীয়াৰ গামোচা খনত ইমান ধুনীয়াকৈ প্ৰতিফলিত কৰিছে যাক লৈ যথেষ্ট চৰ্চা লাভ কৰিছে এই বিশেষ গামোচা খন।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু