ডিগবৈত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত
তিনিচুকীয়া, ০৬ ডিচেম্বৰ (হি.স.)। ডিগবৈত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস। সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস আজি ডিগবৈত অনুষ্ঠিত হয়।পৰাগধৰ চলিহা প্ৰেক্ষাগৃহৰ (বিহুতলী) চৌহদত পতাকা উত্তোলন কৰি কাৰ্য্যস
ডিগবৈত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস।


তিনিচুকীয়া, ০৬ ডিচেম্বৰ (হি.স.)। ডিগবৈত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস। সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস আজি ডিগবৈত অনুষ্ঠিত হয়।পৰাগধৰ চলিহা প্ৰেক্ষাগৃহৰ (বিহুতলী) চৌহদত পতাকা উত্তোলন কৰি কাৰ্য্যসূচী শুভাৰম্ভ কৰে তিনিচুকীয়া জিলা প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী বাহিনীৰ সভাপতি খগেন গগৈয়ে।

দুপৰীয়া পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত মুকলি সভাত সভাপতিত্ব কৰে তিনিচুকীয়া জিলা প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী বাহিনীৰ প্ৰাক্তন সভাপতি নিপুণ কোঁৱৰে।জিলা সমিতিৰ যুটীয়া সম্পাদক গিৰিণ দত্তই আঁতধৰা অনুষ্ঠানত বিশিষ্ট অতিথি এ অ' চি লেবাৰ ইউনিয়নৰ নৱ নিৰ্বাচিত সভাপতি দেৱানন্দ ভৰালীয়ে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী বাহিনীৰ কৰ্ম-কৰ্তাক নিষ্ঠা সততা আৰু আন্তৰিকতাৰে সেৱা আগবঢ়ায় যাবলৈ শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে।তিনিচুকীয়া জিলা, শদিয়া জিলা আৰু ডিগবৈ আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আয়োজিত মুকলি সভাত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী বাহিনীৰ কেন্দ্ৰীয় সভাপতি কৃষ্ণকান্ত দুলাকাষৰীয়া, কাৰ্য্যকৰী সভাপতি বিজয় তামাং,সম্পাদক ইক্ৰাম আলি,উপদেষ্টা কামাখ্যা দাস পৰ্য্যবেশক হিচাপে উপস্থিত থাকে।তিনিচুকীয়া জিলা সমিতিৰ যুটীয়া সম্পাদক ৰমেশ গগৈ,উপদেষ্টা বুলবুল মেছ,টঙ্কেশ্বৰ গগৈ,শদিয়া জিলা সমিতিৰ গোলাপ কোঁচ, সম্পাদক জিতু বৰগোহাঁই, আমন্ত্ৰিত অতিথি হিচাপে অসম অইল সংমণ্ডলৰ নিৰাপত্তা বিভাগৰ প্ৰৱন্ধক উমেশ চন্দ্ৰ দাস,জ্যেষ্ঠ সুৰক্ষা বিষয়া প্ৰণৱ বৰ্মন, আন্তৰ্জাতিক খেলুৱৈ তথা সুৰক্ষা বিষয়া পবিত্ৰ কুমাৰ ভূঞা,অভিজিত গগৈ, মইবুদ্দিন আহমেদ,ধনেশ্বৰ বৰুৱা,কমল দত্ত, জ্যেষ্ঠ সাংবাদিক বিনন্দ কোঁৱৰ, ডিগবৈ থানাৰ একাধিক আৰক্ষী বিষয়াৰ সহিতে শতাধিক প্ৰদক্ষিণ প্ৰাপ্ত গৃহৰক্ষী বাহিনীৰ কৰ্ম-কৰ্তা উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande