
যোৰহাট, ০৬ ডিচেম্বৰ (হি.স.)। যোৰহাটত কেন্দ্ৰীয় ভাবে ডঃ ভীম ৰাও আম্বেদকাৰৰ মহাপ্ৰয়ান দিৱস পালন। যোৰহাট ডনবস্ক হায়াৰ ছেকণ্ডেৰী স্কুলৰ প্ৰেক্ষাগৃহত অসম অনুসূচিত জাতি পৰিষদ আৰু সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত অনুসূচিত জাতি ভাতৃ-ভগ্নী সংগঠন আৰু যোৰহাট জিলা অনুসূচিত জাতি ৰাইজৰ সহযোগত কেন্দ্ৰীয়ভাৱে ভাৰতৰত্ন ড°ভীমৰাও আম্বেদকাৰৰ মহাপ্ৰয়াণ দিৱস আজি পালন কৰা হয়।
অনুস্থানৰ আৰম্ভণীতেই পতাকা উত্তোলন আৰু শ্ৰদ্ধাঞ্জলি অনুস্থান শুভাৰম্ভ কৰে সংগঠন সমূহৰ সভাপতি সকলে। তাৰ পাছতেই ৰক্ষণশীলতাৰ বিপৰীতে আধুনিক প্ৰগতিশীল সমাজ গঠনত ড° বি আৰ আম্বেদকাৰৰ ভূমিকাঃ তালিকাভূক্ত জাতিৰ সাংবিধানিক সুৰক্ষা কবচ বাস্তৱিক ৰূপত ইয়াৰ প্ৰয়োগ আৰু সুফল সন্দৰ্ভত আলোচনাচক্ৰ অনুষ্ঠিত হয়।
অনুষ্ঠানত মুখ্য আলোচক হিচাপে উপস্থিত থাকে গুৱাহাটীৰ জ্যেষ্ঠ অধিবক্তা সাধাৰণ সম্পাদক দেৱ কুমাৰ দাস আৰু হেমা দাসে। আনহাতে সভাখন উদ্োধন কৰি ভাষণ আগবঢ়ায় যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু