
কোকৰাঝাৰ, ০৬ ডিচেম্বৰ (হি.স.)। কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী থানা অঞ্চলৰ মনাকোশাত যোৱা নিশা বাহনৰ খুন্দাত ভাঙি চুৰমাৰ হয় এখন ব্যৱসায়িক প্ৰতিষ্ঠান৷ নিশাৰ ভাগত কোনোৱা বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ব্যৱসায়িক প্ৰতিষ্ঠান খুন্দা মৰাৰ ফলতে দোকানৰ বিস্তৰ ক্ষতিসাধন হয়৷ বাহনৰ খুন্দাত দোকানৰ বাৰান্দাৰ খুটা ভাঙি বাহন খন দোকানৰ ভিতৰত প্ৰবেশ কৰাৰ ফলত দোকানৰ বহু সামগ্ৰী আদি নষ্ট হয়৷প্ৰকাশ কৰা অনুসৰি প্ৰায় লক্ষাধিক টকাৰ ক্ষতি হয়৷
কিন্তু নিশাৰ ভাগতে দোকানীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহন খন ঘটনাস্থলীৰ পৰা নোহোৱা হোৱাত সমগ্ৰ ঘটনাটো ৰহস্যময় হৈ পৰিছে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ