
যোৰহাট, ০৬ ডিচেম্বৰ (হি.স.)। অসম বিত্তীয় নিগম যোৰহাট শাখাৰ সজাগতা মূলক সভা এখন অনুষ্ঠিত হৈ যায় l আজি যোৰহাটৰ বিত্তীয় নিগমৰ শাখা কাৰ্যালয়ত তেওঁ লোকৰ বিভিন্ন আচঁনি সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে এক সজাগতা মূলক সভা অনুষ্ঠিত হৈ যায়।
উক্ত সভাত বিভিন্ন বিভাগৰ কেইবাজনো বিষয়া উপস্থিত থাকে। সভাখনত বিষযাসকলে বিভিন্ন আইনসমূহ সঠিকভাৱে ৰূপায়ণ কৰাৰ ওপৰত দিহা পৰামৰ্শ আগবঢ়ায়।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু