ধেমাজিত ২৬৮০০ বস্তা সুলভ মূল্যৰ চাউল হৰলুকিৰ অভিযোগ, জাতীয়তাবাদী যুৱ পৰিষদ আৰু কৃষক মুক্তিৰ উত্তাল প্ৰতিবাদ
ধেমাজী, ০৬ ডিচেম্বৰ (হি.স.)। ভাৰতীয় খাদ্য নিগম(এফচিআই)ৰ ধেমাজিৰ গুদামৰ পৰা ২৬৮০০ বস্তা সুলভ মূল্যৰ চাউল হৰলুকি হোৱাৰ বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰিত হোৱাৰ পিছত ধেমাজিত হাহাকাৰ ৷ ধেমাজিৰ ভাৰতীয় খাদ্য নিগম ৰ গুদাম গৃহৰ সন্মুখত উত্তাল প্ৰতিবাদ জাতীয়তা
ধেমাজিত ২৬৮০০ বস্তা সুলভ মূল্যৰ চাউল হৰলুকিৰ অভিযোগ, জাতীয়তাবাদী যুৱ পৰিষদ আৰু কৃষক মুক্তিৰ উত্তাল প্ৰতিবাদ


ধেমাজী, ০৬ ডিচেম্বৰ (হি.স.)। ভাৰতীয় খাদ্য নিগম(এফচিআই)ৰ ধেমাজিৰ গুদামৰ পৰা ২৬৮০০ বস্তা সুলভ মূল্যৰ চাউল হৰলুকি হোৱাৰ বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰিত হোৱাৰ পিছত ধেমাজিত হাহাকাৰ ৷ ধেমাজিৰ ভাৰতীয় খাদ্য নিগম ৰ গুদাম গৃহৰ সন্মুখত উত্তাল প্ৰতিবাদ জাতীয়তাবাদী যুৱ পৰিষদ আৰু কৃষক মুক্তিৰদ ৷

সুলভ মূল্যৰ চাউল হাজাৰ হাজাৰ বস্তা চাউল হৰলুকিৰ চিবিআই ৰ তদন্তৰ দাবীত ভাৰতীয় খাদ্য নিগমৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ ৷ ইতিমধ্যে ভাৰতীয় খাদ্য নিগম ৰ ধেমাজি গুদামৰ পাঁচজন বিষয়া কৰ্মচাৰীক নিলম্বন কৰা হৈছে ৷ প্ৰতিবাদী সকলৰ দাবী ভাৰতীয় খাদ্য নিগম ৰ লখিমপুৰ সংমণ্ডলৰ সকলো গোদামৰ নিৰপেক্ষ তদন্ত হ’ব লাগে ৷ ভাৰতীয় খাদ্য নিগম ৰ গুদামৰ পৰা সুলভ মূল্যৰ চাউলৰ হৰলুকিৰ সৈতে জড়িত বিভাগৰ আন সকলকো তদন্তৰ আওঁতালে অনাৰ দাবী কৰি প্ৰতিবাদীসকলে সুলভ মূল্যৰ চাউল চুৰিৰ লগত জড়িত ভাৰতীয় খাদ্য নিগম ৰ বাহিৰৰ ব্যক্তি সকলকো নিৰপেক্ষ তদন্তৰ কৰি গ্ৰেপ্তাৰ কৰাৰ দাবী কৰে ৷

প্ৰতি মাহে ধেমাজি স্থিত ভাৰতীয় খাদ্য নিগম ৰ গুদামৰ পৰা ১২ খন সমবায় সমিতিলৈ প্ৰায় ২৪২০০ কুইন্টল চাউল নিয়া হয় ৷ ভাৰতীয় খাদ্য নিগম ৰ গুদামৰ পৰা চাউল হৰলুকিৰ পিছত এতিয়া প্ৰতিবাদৰ জোৱাৰ উঠিছে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande