বোকাখাতত আৰম্ভ সদৌ অসম ভিত্তিত প্ৰথম বাৰ্ষিক ল'ন টেনিছ প্ৰতিযোগিতা
গোলাঘাট, ০৬ ডিচেম্বৰ (হি.স.)। বোকাখাতত আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে সদৌ অসম ভিত্তিত প্ৰথম বাৰ্ষিক ল''ন টেনিছ প্ৰতিযোগিতা ৷ অসমৰ ইমুৰৰ পৰা সিমুৰৰ ৭৫ গৰাকী মাষ্টাৰ্চ টেনিছ খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত ৷ ২০১২ চনত গঠন হোৱা বোকাখাত টেনিছ
বোকাখাতত আৰম্ভ সদৌ অসম ভিত্তিত প্ৰথম বাৰ্ষিক ল'ন টেনিছ প্ৰতিযোগিতা


গোলাঘাট, ০৬ ডিচেম্বৰ (হি.স.)। বোকাখাতত আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে সদৌ অসম ভিত্তিত প্ৰথম বাৰ্ষিক ল'ন টেনিছ প্ৰতিযোগিতা ৷ অসমৰ ইমুৰৰ পৰা সিমুৰৰ ৭৫ গৰাকী মাষ্টাৰ্চ টেনিছ খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত ৷ ২০১২ চনত গঠন হোৱা বোকাখাত টেনিছ ক্লাবে, ক্লাব আৰু চিকিৎসকৰ মাজত প্ৰতি বছৰে টেনিছ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছিল ৷

এই ক্ষেত্ৰত নুমলীগড় শোধানাগাৰৰ সামাজিক উন্নয়ন পুঁজিৰে গ্ৰাছ কৰ্টৰ ঠাইত উন্নত মানৰ কৰ্ট নিৰ্মাণ কৰি উলিয়াইছিল ৷ এইবাৰ অসম টেনিছ এছ'চিয়েচনৰ পৰা অনুমোদন লাভ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে অসম ভিত্তিত মাষ্টাৰ্চ টেনিছ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande