

যোৰহাট, ০৬ ডিচেম্বৰ (হি.স.)। টীয়কৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত ঢেকীয়াখোৱা বৰনামঘৰৰ গেটৰ সমীপত আজি ভয়ানক দুৰ্ঘটনা।
তীব্ৰবেগী ডি আই বাহনে মহতিয়াই নিয়ে এজন বাইক আৰোহীক।।
ঘটনা সংঘটিত কৰি পলায়ন কৰা বাহন খন পাছত খেদি ধৰিবলৈ সক্ষম হয় লাহদৈগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অনিৰ্বাণ দেৱৰ নেতৃত্বত।।
ডি আই বাহন খনৰ নম্বৰ এ এছ ০৪বিচি ১৮৮৩ বুলি জানিব পৰা গৈছে।
গুৰুতভাৱে আঘাতপ্ৰাপ্ত যুৱক জনক কাকজান প্ৰাথমিক চিকিৎসা মহাবিদ্যালয় নিয়া হয় যদিও উন্নত চিকিৎসা বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাত গুৰুত্ব ভাৱে আঘাতপ্ৰাপ্ত যুৱক জন ঢেকীয়াখোৱাৰ দিপজ্যোতি গায়েন বুলি জানিব পৰা গৈছে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু