গোসাঁইগাঁৱত এবিএমছুৰ সজাগতা সভা
গোসাঁইগাঁৱত এবিএমছুৰ সজাগতা সভা।
গোসাঁইগাঁৱত এবিএমছুৰ সজাগতা সভা


কোকৰাঝাৰ, ০৬ ডিচেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত ১ নং ভোমৰাবিল মধ্যপাৰা ঈদগাহ ময়দানৰ প্ৰাংগনত যোৱা কালি শুকুৰবাৰে সন্ধিয়া এবিএমছুৰ ভোমৰাবিল আঞ্চলিক সমিতিৰ উদ্যোগত আৰু গোসাঁইগাঁও জিলা সমিতিৰ সহযোগত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত বহু বিবাহ, বাল্য বিবাহ, শিশু শ্ৰমিক, মদ ভাং, জুৱা, তিৰ খেল আদিৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰা হয়।

সজাগতা সভাত এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি টাইছন হুছেইন, সাধাৰণ সম্পাদক জাহিদুল ইছলাম গোসাঁইগাঁও মহকুমাৰ আৰক্ষী বিষয়া মণ্টুৰাম বৰা, গোসাঁইগাঁও জিলা এবিএমছুৰ সভাপতি নুৰ মহম্মদ আনচাৰি, সাধাৰণ সম্পাদক তহিৰুল ইছলাম, আমছু'ৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ছফিকুল ইছলাম এবিএমছুৰ গোসাঁইগাঁও জিলাৰ অন্তৰ্গত আঞ্চলিকৰ বিভিন্ন পৰ্য্যায়ৰ পদবীধাৰী সকলৰ লগতে তিনিশৰো অধিক লোক উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande