
কোকৰাঝাৰ, ০৬ ডিচেম্বৰ (হি.স.): অসমৰ মুঠ ১৮ গৰাকী সাহিত্যিক সকললৈ অসম চৰকাৰে ঘোষণা কৰিলে অসম সাহিত্য বঁটা। অসম সাহিত্য বঁটা লাভ কৰিবলৈ সক্ষম হৈছে বড়ো ভূমি কোকৰাঝাৰ বাগানশালীৰ এগৰাকী সু সাহিত্যিক শাৰদা প্ৰসাদ মুছাহাৰীয়ে। অসম চৰকাৰে সাহিত্যিক হিচাপে স্বীকৃতি দিয়া খবৰ লাভ কৰি আনন্দিত সাহিত্যিক শাৰদা প্ৰসাদ মুছাহাৰী।
জন স্বাস্থ্য কাৰিকৰী বিভাগৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া, বৰ্তমান বড়ো লেখক সন্থাৰ উপ সভাপতি শাৰদা প্ৰসাদ মুছাহাৰীক লেখা মেলাৰ অভ্যাসত অনুপ্ৰেৰণা যোগাইছিল তেওঁৰ সহধৰ্মীনী আশা মুছাহাৰীয়ে। বড়ো ভাষাৰ সাহিত্যিক শাৰদা প্ৰসাদ মুছাহাৰী ইতিমধ্যে সাতখন কৈ বিভিন্ন গল্প, উপন্যাস, কবিতা গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে । বিশিষ্ট সাহিত্যিক শাৰদা প্ৰসাদ মুছাহাৰীৰ প্ৰকাশিত কবিতা সমুহ হৈছে ক্ৰমে বা গোসাঁই( বুঢ়া বাথৌ), কোবাম বিহু( চন্দৰ বাহাৰ ), বিসম্বিনি চেৰ চেৰ বিচম্বি (স্মৃতিৰ আৰে আৰে), বৈচাগুনী চেৰ চেৰ বৈচাগু ( বিহুৰ আৰে আৰে বিহু), আংনি মুঠিছে চনেট কন্থাই (মোৰ এমুঠি চনেট কবিতা), আৰু গোচোথৌনাইনি চেৰ চেৰ বোৰদাউলী কন্থাইলু হুং (প্ৰেমৰ আৰে আৰে ৰচিত কবিতা।
উল্লেখযোগ্য যে অখ্ৰাংনি ৰাজা লামায়াও গুপুংনাই হাদ্ৰী ( আকাশৰ হাতীপতিত উৰুণি ধূলি) কবিতা পুঠী অতি সোনকালে প্ৰকাশ পাব । নৱ প্ৰজন্মকলৈ সাহিত্যৰ অৰিহণা যোগাবলৈ লেখা মেলাৰ অভ্যাস কৰিবলৈ আহ্বান জনায় সাহিত্যিক সাৰদা প্ৰসাদ মুছাহাৰীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ