
তামুলপুৰ, ০৬ ডিচেম্বৰ (হি.স.)। অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ এটা উচ্চস্তৰীয় প্ৰতিনিধিৰ দলে আজি তামুলপুৰ জিলাত পৰ্যৱেক্ষণমূলক ভ্ৰমণ সম্পন্ন কৰে। ৰূপহীহাট বিধানসভা সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ অধ্যক্ষতাত ভ্ৰমণলৈ অহা দলটোৱে বিভিন্ন দিশৰ উন্নয়নমূলক পৰিকল্পনা, কাম-কাজ আৰু সতৰ্কতা সম্পৰ্কীয় বিষয়সমূহ গভীৰভাৱে পৰ্যালোচনা কৰে। দলটোৱে লোকনিৰ্মাণ (গৃহ আৰু পথ), জনস্বাস্থ্য কাৰিকৰী, শিক্ষা, স্বাস্থ্য আদি বিভাগৰ কেবাটাও স্থান পৰিদৰ্শন কৰি কামৰ গতি, গুণগত মান, জনসেৱা প্ৰদানৰ সক্ষমতা আৰু অৱশিষ্ট সমস্যাবোৰৰ বুজ লয়। ক্ষেত্ৰ পৰিদৰ্শনৰ পাছত দলটোৱে তামুলপুৰ আৱৰ্ত ভৱনত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি এখন আনুষ্ঠানিক সভাত অংশ লয়।
আৱৰ্ত ভৱনৰ সভাকক্ষত অনুষ্ঠিত এই পৰ্যালোচনা সভাখনত ২০২২-২৩ বিত্তীয় বৰ্ষৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষলৈ চলি থকা আৰু সম্পন্ন হোৱা উন্নয়নমূলক কাম-কাজৰ বিস্তাৰিত তথ্যসমূহ বিচাৰে। অনিবাৰ্য কাৰণবশতঃ উপস্থিত থাকিব নোৱৰা জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ হৈ তথ্যসমূহ বিভাগীয় মুৰব্বীসকলৰ হাতৰ পৰা অতিৰিক্ত আয়ুক্ত হেমাশ্ৰী খনিকৰক সংগ্ৰহ কৰি ৮ ডিচেম্বৰৰ পুৱাৰ ভাগত সমিতিৰ ওচৰত দাখিল কৰিবলৈ সমিতিৰ অধ্যক্ষই আহ্বান জনায়। সভাখনত সমিতিৰ সদস্যসকলৰ উপৰি তামুলপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত হেমাশ্ৰী খনিকৰ, সহকাৰী আয়ুক্ত অজিতাভ ভৌমিক, অনুপম ডেকা, অৰুণিমা কাকতিৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনোৱা মতে, আজি প্ৰতিনিধি দলটোৰ পৰিদৰ্শন আৰু সমীক্ষাই তামুলপুৰ জিলাত চলমান বিকাশমূলক কামবোৰ অধিক গতিশীল আৰু ফলপ্ৰসূ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ