পুনৰ দলগাঁৱত কৰ্তব্যৰত অৱস্থাত লাট মণ্ডলক প্ৰহাৰ
পুনৰ দলগাঁৱত কৰ্তব্য অৱস্থাত লাট মণ্ডলক প্ৰহাৰ ৷
পুনৰ দলগাঁৱত কৰ্তব্যৰত অৱস্থাত লাট মণ্ডলক প্ৰহাৰ


দৰং, ০৬ ডিচেম্বৰ (হি.স.): দৰং জিলাৰ দলগাঁৱত কৰ্তব্যৰত অৱস্থাত লাট মণ্ডলক প্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হৈছে। দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ৩ নং বৰুৱাঝাৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা। ওছমান গণি নামৰ লোকজনে মণ্ডল চন্দ্ৰকান্ত ডেকা আৰু হেমাঙ্গ বনিয়াক যোৱা কালি শুকুৰবাৰে বিয়লি প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখ্য় যে দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ৩ নং বৰুৱাঝাৰ গাঁৱৰ ৰিয়াজুদ্দিনৰ আবেদন ভিত্তিত দলগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ হুকুম মতে লাট মণ্ডলে মাটিখিনিৰ চৰজমিন তদন্ত কৰিবলৈ যোৱাত ওছমান গণিয়ে মণ্ডল চন্দ্ৰকান্ত ডেকা আৰু হেমাঙ্গ বনিয়াক কালি বিয়লি প্ৰহাৰ কৰাৰ লগতে অশ্লীল গালিগালাজ পাৰাৰ সমান্তৰালভাৱে হতাহতি কৰি আবদ্ধ কৰি ৰাখে ৷ ঘটনাস্থলীত দলগাঁও আৰক্ষী উপস্থিত হৈ তেওঁলোকক উদ্ধাৰ কৰি লৈ আহে ৷ ঘটনা সন্দৰ্ভত লাট মণ্ডল চন্দ্ৰকান্ত ডেকাই দলগাঁও থানাত এজাহাৰ দাখিল কৰিছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande