দেৰগাঁৱত ৰেলৰ খুন্দাত যুৱক নিহত
গোলাঘাট, ০৫ ডিচেম্বৰ (হি.স.)। দেৰগাঁৱত অঘটন। দেৰগাঁও কুৰালগুৰি ৰেল ক্ৰছিংৰ সমীপত সংঘটিত হয় এক শোকাৱহ ঘটনা। নিশা ৰেলৰ খুন্দাত নিহত হয় এজন লোক। প্ৰত্যক্ষদৰ্শীৰ মতে ৰেল লাইন পাৰ হব খোজোতে তীব্ৰবেগী ৰেলে খুন্দিয়াই যুৱকজনক। ফলত ঘটনা স্থলীতে মৃত্যু
দেৰগাঁৱত ৰেলৰ খুন্দাত যুৱক নিহত


গোলাঘাট, ০৫ ডিচেম্বৰ (হি.স.)। দেৰগাঁৱত অঘটন। দেৰগাঁও কুৰালগুৰি ৰেল ক্ৰছিংৰ সমীপত সংঘটিত হয় এক শোকাৱহ ঘটনা।

নিশা ৰেলৰ খুন্দাত নিহত হয় এজন লোক। প্ৰত্যক্ষদৰ্শীৰ মতে ৰেল লাইন পাৰ হব খোজোতে তীব্ৰবেগী ৰেলে খুন্দিয়াই যুৱকজনক। ফলত ঘটনা স্থলীতে মৃত্যু হয় ব্যক্তিজনৰ। জানিব পৰা মতে মৃত্যু হোৱা ব্যক্তি জনৰ নাম সঞ্জীৱ ভৰালী আৰু ঘৰ দেৰগাঁও বৰপুখুৰী পাৰত। ঘটনা স্থলীত উপস্থিত হয় দেৰগাঁও আৰক্ষী। ইফালে এয়া এক দুৰ্ঘটনা নে কোনো আত্মহত্যাৰ ঘটনা সেই বিষয়ে জানিব পৰা হোৱা নাই। আৰক্ষীয়ে লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande