শিমুলটাপু হৈ গাঁৱৰ ভিতৰুৱা পথেৰে অসমৰ বিভিন্ন স্থানত সৰবৰাহ হয় বহিঃৰাজ্যৰ গাহৰি
এটা চক্ৰৰ নেতৃত্বত চলিছে এই অবৈধ সৰবৰাহ কোকৰাঝাৰ, ০৫ ডিচেম্বৰ (হি.স.)। যি সময়ত ছোৱাইন ফ্লুৰ প্ৰকোপ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে বহিঃৰাজ্যৰ গাহৰিৰ আমদানিত নিষেধাজ্ঞা জাৰি কৰিছে। তেনে সময়ত কোকৰাঝাৰ জিলাৰ গোসাঁগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শিমুলটাপুৰ এট
শিমুলটাপু হৈ গাঁৱৰ ভিতৰুৱা পথেৰে অসমৰ বিভিন্ন স্থানত সৰবৰাহ হয় বহিঃৰাজ্যৰ গাহৰি


এটা চক্ৰৰ নেতৃত্বত চলিছে এই অবৈধ সৰবৰাহ

কোকৰাঝাৰ, ০৫ ডিচেম্বৰ (হি.স.)। যি সময়ত ছোৱাইন ফ্লুৰ প্ৰকোপ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে বহিঃৰাজ্যৰ গাহৰিৰ আমদানিত নিষেধাজ্ঞা জাৰি কৰিছে। তেনে সময়ত কোকৰাঝাৰ জিলাৰ গোসাঁগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শিমুলটাপুৰ এটা দুষ্ট চক্ৰই চৰকাৰৰ নিষেধাজ্ঞা বুঢ়া আঙুলি দেখুৱাই বহিঃৰাজ্যৰ পৰা গাহৰি সৰবৰাহ কৰাৰ অভিযোগ উঠিছে।

এই চক্ৰটোৱে বহিঃৰাজ্যৰ পৰা গাহৰি লৈ অহা সৰু বাহন সমূহৰ পৰা বৃহৎ অংকৰ ধন লৈ শিমুলটাপুৰ পৰা গাঁৱৰ ভিতৰুৱা পথেৰে শ্ৰীৰামপুৰ তালাচী চকী পাৰ কৰে বুলি অভিযোগ। এই চক্ৰটোৱে পশুপালন আৰু চিকিৎসা বিভাগ আৰু আৰক্ষীৰ তালাচীৰ পৰা ৰেহাই দিয়াৰ কথা কৈ বলেৰো পিক্আপ ভেন ৰ পৰা বৃহৎ অংকৰ ধন আদায় কৰে। গাহৰিৰ স্বাস্হ্য পৰীক্ষা অবিহনে গাহৰি সমূহ সৰবৰাহ কৰাত অসমৰ গাহৰি ফাৰ্মৰ গাহৰি তথা গাহৰিৰ মাংস খোৱা সকলৰ স্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে। এই ক্ষেত্ৰত প্ৰশাসনে কি ব্যৱস্থা ইয়াক লৈ এতিয়া সকলোৱে দৃষ্টিনিক্ষেপ কৰি আছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande