নব নিৰ্মিত এটা ঘৰৰ দেৱাল খহি এগৰাকী মহিলাৰ মৃত্যু
দায় হৰা মন্তব্য মেয়ৰ চৈকট পাত্ৰৰ।
নব নিৰ্মিত এটা ঘৰৰ দেৱাল খহি এগৰাকী মহিলাৰ মৃত্যু


ডিব্ৰুগড়, ০৫ ডিচেম্বৰ (হি.স.): ডিব্ৰুগড় লোহাৰ পট্ৰিত অবৈধ ভাবে নিৰ্মিত পঞ্চ মহলা বিল্ডিংৰ পৰা দেৱাল বাগৰি পৰি মৃত্যু হৈছে চালমা বেগম নামৰ এগৰাকী প্ৰতিবেশী মহিলাৰ। উল্লেখ্য যে নিজৰ টিউবেলৰ পাৰত বাচন মাজি থাকোতে মহিলা গৰাকীৰ গাত নিৰ্মীয়মান অট্টালিকাটোৰ পৰা খহি পৰিছিল ইটা সহ পকী দেৱাল।

প্ৰায় ১২-১৪ ফুট বহলতে অবৈধ ভাৱে ৫ মহলা উচ্চতাৰে নিৰ্মাণ কৰা হৈছিল অট্টালিকাটো। যাৰ বাবে পৌৰ নিগমৰ ওপৰত উঠিছিল অভিযোগৰ আঙুলি। তাৰ পাছতে অট্টালিকাতো ভাঙি দিয়াৰ নিৰ্দেশ প্ৰদান কৰিয়েই দায়িত্ব সামৰিছে মেয়ৰ চৈকট পাত্ৰই়। মেয়ৰ গৰাকীৰ এনে দায় সৰা মন্তব্যত জাঙুৰ খাই উঠিছে এতিয়া বিভিন্ন দল সংগঠন।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande