বহৰিত ব্ৰহ্মপুত্ৰ নদীত হাত ভৰি আৰু মুখ বন্ধা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ
বৰপেটা, ০৫ ডিচেম্বৰ (হি.স.)। বৰপেটাৰ বহৰিত ব্ৰহ্মপুত্ৰ নদীত হাত ভৰি আৰু মুখ বন্ধা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ। বৰপেটা জিলাৰ বহৰিস্থ তাৰাবাৰী থানাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ নদীৰ বালাৰটাৰী চৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ । হাত ভৰি মুখ বন্ধা অৱস্থাত উদ্ধাৰ
বহৰিত ব্ৰহ্মপুত্ৰ নদীত হাত ভৰি আৰু মুখ বন্ধা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ


বৰপেটা, ০৫ ডিচেম্বৰ (হি.স.)। বৰপেটাৰ বহৰিত ব্ৰহ্মপুত্ৰ নদীত হাত ভৰি আৰু মুখ বন্ধা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ। বৰপেটা জিলাৰ বহৰিস্থ তাৰাবাৰী থানাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ নদীৰ বালাৰটাৰী চৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ ।

হাত ভৰি মুখ বন্ধা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটোক লৈ বৰপেটা- বহৰিত তীব্ৰ চাঞ্চল্য । ব্ৰহ্মপুত্ৰনৈৰ সোঁতত উটি অহা মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ নৃতদেহটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

নীলা ৰঙৰ টি ছাৰ্ট পিন্ধা হাত ভৰি মুখ বান্ধা অৱস্থাত পোৱা যায়। বৰপেটা সদৰ থানাৰ ডিএছপি জীতেশ বৰ্মণৰ নেতৃত্বত ঘটনাস্থলীত তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় কুমাৰ ৰয় আৰু সৰ্থেবাৰী থানাৰ আৰক্ষী উপস্থিত হৈ ঘটনাটোৰ পূৰ্ণ তদন্ত চলাই আছে ।

ইপিনে উদ্ধাৰ হোৱা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande