
হোজাই, ০৫ ডিচেম্বৰ (হি.স.): হোজাই জিলাৰ লংকাত যোৱা কালি বৃহস্পতিবাৰে নিশা গাঞ্জা জব্দ কৰা হয়। লগতে আটক কৰা হয় সহ দুই সৰবৰাহকাৰী। লংকাৰ তিনিআলীত আৰক্ষীৰ হাতত জব্দ গাঞ্জা সহ দুজন সৰ্বৰাহকাৰী।
উদালী আৰক্ষী বিষয়া বিজয় কৃষ্ণ দাসৰ নেতৃত্বত লংকা-লামডিং সংযোগী পথত তিনিআলীত নিয়মীয়া তালাচি কৰি থকা অৱস্হাত এখন অটোৰ পৰা ২০ কেজি ৭০০ গ্ৰাম গাঞ্জা সহ আটক কৰে ভোলা নাথ পাল, ৰণধিৰ ঘোষ নামৰ দুই গাঞ্জা সৰবৰাহকাৰী। লোক দুজনে ডিমাপুৰ পৰা লংকা লৈ আনি আছিল নিষিদ্ধ গাঞ্জা খিনি। বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ