বিলাসীপাৰাত দলবদ্ধ ধৰ্ষণৰ মুল অভিযুক্তসহ ৩ জনক গ্ৰেপ্তাৰ
বিলাসীপাৰাত দলবদ্ধ ধৰ্ষণৰ মুল অভিযুক্তসহ ৩ জনক গ্ৰেপ্তাৰ।
বিলাসীপাৰাত দলবদ্ধ ধৰ্ষণৰ মুল অভিযুক্তসহ ৩ জনক গ্ৰেপ্তাৰ


ধুবুৰী, ০৫ ডিচেম্বৰ (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাত দলবদ্ধ ধৰ্ষণৰ মুল অভিযুক্তসহ ৩ জনক গ্ৰেপ্তাৰ কৰা হৈছে। বিলাসীপাৰা আৰক্ষীয়ে ভুটান আৰু গুৱাহাটী পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্ত তিনিটাক।

অভিযুক্ত গণ ধৰ্ষণকাৰী কেইজন হ'ল বিলাসীপাৰা চহৰৰ সাতবেৰৰ মুল ময়নাল হক, ৭ নং ৱাৰ্ডৰ আফিৰুল আলী ওৰফে আজা আৰু জহিৰুল হুছেইন বুলি জানিব পৰা গৈছে। মুল অভিযুক্ত ময়নাল হকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। যোৱা ২৭ নৱেম্বৰত বিলাসীপাৰা চহৰত সংঘটিত হৈছিল দলবদ্ধ ধৰ্ষণৰ ঘটনা। এগৰাকী ১৪ বছৰী‌য়া নাবালিকা কিশোৰী চাৰি নৰপিচাশে উপৰ্যুপৰি গণ ধৰ্ষণৰ বলি হ'বলগীয়া হৈছিল।

ঘটনাকলৈ ভুক্তভোগী পৰিয়ালে বিলাসীপাৰা থানাত এখন এজাহাৰ দাখিল কৰিছিল। এজাহাৰ পিছতো ৫ দিন উকলি যোৱাৰ পিছতো কোনো এজন লম্পটক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল আৰক্ষীয়ে।গণ ধৰ্ষণৰ ঘটনাক জাঙুৰ খাই উঠিছিল বিশ্ব হিন্দু পৰিষদ, বজৰংগ দলৰ লগতে বিভিন্ন দ'ল সংগঠনে।দল সংগঠনে আৰক্ষীক কাৰ্লপিটক সকলক গ্ৰেপ্তাৰ সময় সীমা বান্ধি দিছিল ২৪ ঘন্টা ।২৪ ঘন্টা পাৰ নৌহওঁতেই বিলাসীপাৰা আৰক্ষীয়ে গুৱাহাটী আৰু ভুটানৰ গ্ৰেপ্তাৰ কৰে ৩ নৰাধমক।

ইফালে অভিযুক্ত কেইজনক থানাত কৰাৰ লগে লগে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অভিযুক্ত কেইজনক ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি ফাচিৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিশ্ব হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande