
কাছাৰ, ০৫ ডিচেম্বৰ (হি.স.): এগৰাকী সহকাৰী শিক্ষয়ত্ৰীক নির্যাতনৰ অভিযোগত আটক কৰা অধ্যক্ষক মুক্তিৰ দাবীত কাছাৰৰ কালাইনত ছাত্র ছাত্রীসকলয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ কাছাৰৰ কালাইন হায়াৰ চেকেণ্ডেৰী স্কুলৰ এক সহকাৰী শিক্ষয়ত্ৰীক নির্যাতনৰ অভিযোগত যোৱা কালি বৃহস্পতিবাৰে নিশা বিদ্যালয়ৰ অধ্যক্ষ সিৰাজুল আম্বিয়াক কালাইন আৰক্ষীয়ে আটক কৰে ।
অধ্যক্ষগৰাকীক আটক কৰাৰ প্রতিবাদত স্কুলৰ ছাত্র ছাত্রী, এনএছইউআইৰ কৰ্মী সকলে বিক্ষোভ, প্রতিবাদ সাব্যস্ত কৰে। আৰক্ষী চকী ঘেৰা কৰি উত্তাল প্রতিবাদ কৰে। প্রসঙ্গত, কালাইন আৰক্ষীয়ে অধ্যক্ষজনক আটক কৰি নিশাই শিলচৰ লৈ প্রেৰণ কৰে। আৰক্ষীয়ে আটক কৰা অধ্যক্ষ জনক শীঘ্ৰেই মুক্তিৰ দাবি জনাইছে ছাত্র ছাত্রীসকলেয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ