চামগুৰিত সঘনাই সংঘটিত হৈছে চুৰি কাণ্ড
চামগুৰিত সঘনাই সংঘটিত হৈছে চুৰি কাণ্ড।
চামগুৰিত সঘনাই সংঘটিত হৈছে চুৰি কাণ্ড


নগাঁও, ০৫ ডিচেম্বৰ (হি.স.): নগাঁও জিলাৰ চামগুৰিত সঘনাই সংঘটিত হৈছে চুৰি কাণ্ডৰ ঘটনা। গৰু চুৰিকে ধৰি বাস গৃহ সমূহত চোৰে চলাইছে চুৰি কাণ্ড। যোৱাকালি নিশা আমনিৰ নীলকণ্ঠ হোটেলৰ গাতে লাগি থকা ৰাধা গোবিন্দ ষ্টোৰত চোৰে চলালে চাফাই অভিযান। প্ৰায় পঞ্চাশ হাজাৰ মূল্যৰ সামগ্ৰী চোৰে চুৰ কৰে বুলি জানিব দিয়ে দোকানৰ গৰাকীয়ে। চালৰ টিং কাটি চোৰে চলালে লুটপাট। চামগুৰি আৰক্ষীৰ নিশা তহলদাৰী আৰক্ষী থকাৰ পিছতো চোৰে সংঘটিত কৰি গৈছে লুটপাটৰ ঘটনা।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande