চাপৰ শালকোছা উপ আৰক্ষী চকীৰ অন্তৰ্গত সন্তোষ পুৰ গাওঁত গৰু উদ্বাৰ
ধুবুৰী, ০৫ ডিচেম্বৰ (হি.স.)। এই ঘটনা সংঘটিত হৈছে চাপৰ শাল কোছা আৰক্ষী চকীৰ অন্তৰ্গত সন্তোষ পুৰ গাওঁত। কোনোবা দুষ্কৃতিকাৰীয়ে যোৱা নিশা চাৰি চকীয়া বাহনে দি এটা গাই গৰু লৈ আনি নমাই দিলে সন্তোষ পুৰ গাওঁত। ৰাইজে খেদি খেদি ৰাস্তাৰ পৰাই গাই গৰু টো কৰায়
চাপৰ শালকোছা উপ আৰক্ষী চকীৰ অন্তৰ্গত সন্তোষ পুৰ গাওঁত গৰু উদ্বাৰ


ধুবুৰী, ০৫ ডিচেম্বৰ (হি.স.)। এই ঘটনা সংঘটিত হৈছে চাপৰ শাল কোছা আৰক্ষী চকীৰ অন্তৰ্গত সন্তোষ পুৰ গাওঁত। কোনোবা দুষ্কৃতিকাৰীয়ে যোৱা নিশা চাৰি চকীয়া বাহনে দি এটা গাই গৰু লৈ আনি নমাই দিলে সন্তোষ পুৰ গাওঁত। ৰাইজে খেদি খেদি ৰাস্তাৰ পৰাই গাই গৰু টো কৰায়ক্ত কৰিবলৈ সক্ষম হয়।

ৰাইজে দুষ্কৃতিকাৰীক ৰাইজে অনুসৰণ কৰাৰ উমান পাই দলটোৱে সেই ঠাইৰ পৰা পলায়ন কৰে। টিলা পাৰা,জাম গুৰী, সন্তোষ পুৰ আৰু ছালাপাৰা গাওঁৰ কেইজনমান সচেতন যুৱকৰ তৎপৰতাত গাই গৰু টো উদ্বাৰ কৰিবলৈ সক্ষম হয়।আৰু পৰবৰ্তী সময়ত কোনো দুষ্কৃতি কাৰীয়ে যাতে এনে কাম সংঘটিত কৰিব নোৱাৰে তাৰ বাবে স্থানীয় ৰাইজে চোকা দৃষ্টি ৰাখিব বুলিও কয়। ৰাইজে গৰুৰ গৰাকীৰ বাবে অপেক্ষা কৰে যদিও। গৰুৰ কোনো গৰাকীয়ে বিচাৰি নহাত গৰুটো শালকোচা থানাত জমা দিয়ে ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande