
নগাঁও, ০৫ ডিচেম্বৰ (হি.স.)। চাবুৱাৰ এগৰাকী শিক্ষয়ত্ৰীয়ে চৰকাৰী চাকৰি ত্যাগ কৰি ব্যস্ত হৈ পৰিল নাৰ্চাৰীত। চাবুৱাৰ কস্তুৰীবা গান্ধী বালিকা বিদ্যালয়ৰ শিক্ষয়ত্ৰী পাপৰি শইকীয়াই নিজৰ চৰকাৰী চাকৰিটো ত্যাগ কৰি নিজৰ ঘৰৰ সমীপতে নন্দনবন নাৰ্চাৰী নামেৰে এখন নাৰ্চাৰী খুলি বহু নিবনুৱাৰ বাবে পথপ্ৰদৰ্শক হৈ পৰিছে।
নাৰ্চাৰী খনত ভৰি আছে বিভিন্ন প্ৰজাতিৰ ফুল, ফলৰ পুলি। উল্লেখযোগ্য যে, পাপৰি শইকীয়াই পবিত্ৰ শিক্ষকতাৰ বৃত্তিত নিয়োজিত হোৱাৰ পূৰ্বৰ পৰাই নাৰ্চাৰী খন পৰিচালনা কৰিছিল। কিন্তু বিদ্যালয়লৈ যোৱাৰ সময়ত নাৰ্চাৰী খনৰ পৰিচালনা কৰাত অসুবিধা হোৱাৰ বাবে চৰকাৰী শিক্ষকতাৰ বৃত্তিটো ত্যাগ কৰি জড়িত হৈ পৰিল নিজৰ নাৰ্চাৰী খনত। এতিয়া সেই নাৰ্চাৰী খনৰ পৰা যথেষ্ট লাভৱান্বিত হৈছে চাবুৱাৰ পাপৰি শইকীয়াই।উচ্চশিক্ষিতা পাপৰিয়ে কেৱল নিজেই স্বাৱলম্বী হোৱাই নহয়,স্থানীয় ১০তকৈও অধিক নিবনুৱা যুৱক যুৱতীক কৰ্ম সংস্থাপনৰ বাট মুকলি কৰি দিছে। কৰ্মই ধৰ্ম বাক্যশাৰীক সৰোগত কৰি নিষ্ঠাৰে আগবাঢ়ি যোৱা চাবুৱাৰ উদ্যমী মহিলা পাপৰি শইকীয়াৰ এই কৰ্ম সংস্কৃতিয়ে এতিয়া চাকৰি চাকৰি বুলি হাবাথুৰি খাই থকা সময়তে অসমৰ বহু নিবনুৱা সকলৰ বাবে এক প্ৰেৰণা হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ