
হোজাই, ০৫ ডিচেম্বৰ (হি.স.)। ডবকাৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই চিটিকি পৰে দুই স্কুটী আৰোহী। কালি নিশা ডবকাৰ ৰাষ্ট্ৰীয় ঘাইপথত এই পথ দুৰ্ঘটনাটো সংগটিত হয়।
নিয়ন্ত্ৰণ হেৰুৱাই চিটিকি পৰে দুই স্কুটী আৰোহী।তীব্ৰবেগী স্কুটীয়ে পথৰ মাজৰ ডিভাইডাৰত খুন্দিওঁৱাৰ ফলত সংগঠিত হয় দুৰ্ঘচনাটো।দুৰ্ঘটনাৰ ফলত গুৰুতৰ ভাবে আহত স্কুটি চালক সহ দুজন তাৰে এজনৰ অৱস্থা সংকত জনক ।স্থানীয় ৰাইজে ততাতৈয়াকৈ দুয়োকে উদ্ধাৰ কৰি এম্বুলেন্সৰ সহায়ত লৈ আহে ডবকা সামূহিক চিকিৎসালয়লৈ ।প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে দুয়োকে হোজাইৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ ।আহত দুজন ক্ৰমে চাহিল উদ্দিন আৰু আকিবুৰ ৰহমান বুলি জানিব পৰা গৈছে । দুয়োৰে ঘৰ ডবকা চহৰৰ 10 নং ৱাৰ্ডৰ হাফিজ নগৰত দুয়োজনে অত্যাধিক মাত্ৰাত সুৰাপান কৰি দুৰ্ঘটনা সংগঠিত কৰাৰো অভিযোগ উত্থাপিত হৈছে। দুৰ্ঘটনাত পতিত স্কুটিখনৰ নম্বৰ এ এছ ৩১ জি ৮৬২৪।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ