আৰ বি আইৰ চলিত বিত্তীয় বৰ্ষৰ জিডিপি বৃদ্ধিৰ পূৰ্বানুমান ৭.৩ শতাংশলৈ বৃদ্ধি
মুম্বাই, ০৫ ডিচেম্বৰ (হি.স.)। ভাৰতীয় ৰিজাৰ্ভ বেংকে চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) বৃদ্ধিৰ পূৰ্বানুমান ৬.৮ শতাংশৰ পৰা ৭.৩ শতাংশলৈ বৃদ্ধি কৰিছে। জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত ৮.২ শতাংশ শক্তিশালী অৰ্থনৈতিক বৃদ্ধিৰ পোহৰত আৰ বি আইয
जीडीपी के लोगो का प्रतीकात्‍मक चित्र


মুম্বাই, ০৫ ডিচেম্বৰ (হি.স.)। ভাৰতীয় ৰিজাৰ্ভ বেংকে চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) বৃদ্ধিৰ পূৰ্বানুমান ৬.৮ শতাংশৰ পৰা ৭.৩ শতাংশলৈ বৃদ্ধি কৰিছে। জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত ৮.২ শতাংশ শক্তিশালী অৰ্থনৈতিক বৃদ্ধিৰ পোহৰত আৰ বি আইয়ে এই সংশোধন কৰে।

আৰ বি আইৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই ৩-৫ ডিচেম্বৰলৈ ইয়াত অনুষ্ঠিত হোৱা তিনিদিনীয়া মুদ্ৰানীতি সমিতিৰ পৰ্যালোচনা বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে তথ্য প্ৰদান কৰে । তেওঁ কয় যে এই সিদ্ধান্তত উপনীত হোৱাৰ পূৰ্বে দেশৰ বিকাশশীল সামষ্টিক অৰ্থনৈতিক অৱস্থা আৰু ভৱিষ্যতৰ দৃষ্টিভংগীৰ বিশদ মূল্যায়ন কৰা হৈছিল।

আৰ বি আইৰ গভৰ্ণৰগৰাকীয়ে কয় যে শক্তিশালী উপভোগ আৰু সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) সংস্কাৰৰ ফলত দেশৰ দ্বিতীয় ত্ৰৈমাসিকৰ জি ডি পি বৃদ্ধিত উত্থান ঘটিছে। সেয়েহে আৰ বি আইয়ে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ জিডিপিৰ পূৰ্বাভাস ৭.৩ শতাংশলৈ বৃদ্ধি কৰিছে। পূৰ্বতে অনুমান কৰাতকৈ ই প্ৰায় আধা শতাংশ পইণ্ট বেছি।

নীতিগত সিদ্ধান্তসমূহ ঘোষণা কৰি ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই কয় যে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ তৃতীয় আৰু চতুৰ্থ ত্ৰৈমাসিকৰ বৃদ্ধিৰ হাৰ ক্ৰমে ৭ শতাংশ আৰু ৬.৫ শতাংশ হোৱাৰ প্ৰকল্প কৰা হৈছে। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম আৰু দ্বিতীয় ত্ৰৈমাসিকৰ জিডিপি বৃদ্ধি ক্ৰমে ৬.৭ শতাংশ আৰু ৬.৮ শতাংশ হোৱাৰ প্ৰকল্প কৰা হৈছে।

ইয়াৰ পূৰ্বে মালহোত্ৰাই কয় যে ঘৰুৱা অৰ্থনৈতিক কাৰ্যকলাপ সুস্থিৰ, গ্ৰাম্য চাহিদা শক্তিশালী, চহৰৰ চাহিদা ক্ৰমাগতভাৱে উন্নত হৈছে। ইয়াৰ পোহৰত আৰ বি আইয়ে সৰ্বসন্মতিক্ৰমে পলিচি ৰেট অৰ্থাৎ ৰেপো ৰেট ০.২৫ শতাংশ হ্ৰাস কৰি বৰ্তমানৰ সুতৰ হাৰ ৫.৫ শতাংশৰ পৰা ৫.২৫ শতাংশলৈ হ্ৰাস কৰিছে।

নীতিগত সুতৰ হাৰৰ এই হ্ৰাস শক্তিশালী অৰ্থনৈতিক প্ৰদৰ্শনৰ সময়ছোৱাৰ পিছত, যিটো চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত ৮.২ শতাংশ জিডিপি বৃদ্ধি আৰু কম মুদ্ৰাস্ফীতিৰ দ্বাৰা সমৰ্থিত। ২০২৫ চনৰ অক্টোবৰ মাহত দেশৰ খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ তীব্ৰভাৱে হ্ৰাস পাই ০.২৫ শতাংশ হৈছে, যিটো অভিলেখৰ নিম্নতম।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande