আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক সাক্ষাৎ কৰিব পুটিন, ৰাজঘাটলৈ গৈ ৰাষ্ট্ৰ পিতা মহাত্মা গান্ধীক জনাব শ্ৰদ্ধাঞ্জলি
নতুন দিল্লী, ০৫ ডিচেম্বৰ (হি.স.)। ভাৰতত উপস্থিত হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ২৩ সংখ্যক ভাৰত-ৰাছিয়া সন্মিলনত অংশগ্ৰহণ কৰিবলৈ বৃহস্পতিবাৰে সন্ধিয়া নতুন দিল্লীত উপস্থিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদ
মোডী–পুটিন


নতুন দিল্লী, ০৫ ডিচেম্বৰ (হি.স.)। ভাৰতত উপস্থিত হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ২৩ সংখ্যক ভাৰত-ৰাছিয়া সন্মিলনত অংশগ্ৰহণ কৰিবলৈ বৃহস্পতিবাৰে সন্ধিয়া নতুন দিল্লীত উপস্থিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে বিমানবন্দৰত তেওঁক উষ্ম আদৰণি জনায়। বিমান বন্দৰত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি পুটিনক আদৰণি জনোৱাত অভিভূত হৈ পৰিছে ৰাছিয়া। বিমান বন্দৰতে পুটিনক মোদীয়ে স্ৱাগতম জনাব বুলি গম পোৱা নাছিল মস্কোৱে। প্ৰধানমন্ত্ৰী মোদীয়ে আদৰণি জনোৱা কাৰ্যক অপ্ৰত্যাশিত বুলি অভিহিত কৰে ক্ৰেমলিনে। প্ৰায় ৩০ঘণ্টা ভাৰতত থাকিব ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী। আজি শুকুৰবাৰে মূল কাৰ্যসূচীসমূহত ভাগ ল’ব অতিথি ৰাষ্ট্ৰপতিগৰাকীয়ে। লগতে তেওঁ আজি শুকুৰবাৰে পুৱা পুৱা ১১বজাত প্ৰথমে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক সাক্ষাৎ কৰিব । তাৰ পাছতে ৰাজঘাটলৈ গৈ ৰাষ্ট্ৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।

উল্লেখ্য যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক আদৰণি জনাবলৈ প্ৰধানমন্ত্ৰী মোডী প্ৰায় ৬:৪৫ বজাত পালম বায়ুসেনা ষ্টেচনত উপস্থিত হয় । সন্ধিয়া প্ৰায় ৭ বজাত অৱতৰণ কৰে পুটিনৰ বিমান। সন্ধিয়া প্ৰায় ৭:২০ বজাত নামিল পুটিন। দুয়োগৰাকী নেতাই উষ্মভাৱে হাত মিলাই তাৰ পিছত আলিংগন কৰিলে। ভাৰতত ৰাছিয়াৰ ৰাষ্ট্ৰদূত ডেনিছ আলিপভ, ৰাছিয়াত থকা ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় কুমাৰ আৰু দুয়োখন দেশৰ জ্যেষ্ঠ কূটনৈতিক আৰু সামৰিক বিষয়াসকল বিমানবন্দৰত উপস্থিত থাকে। সকলোৰে লগত পুটিনে কৰমৰ্দন কৰে। ইয়াৰ পিছতে তেওঁ মোডীৰ সৈতে ভাৰতীয় শিল্পীৰ দল এটাৰ আদৰণি নৃত্য উপভোগ কৰে।

ইয়াৰ পিছতে দুয়োগৰাকী নেতাই বিশেষভাৱে প্ৰস্তুত কৰা এখন গাড়ীত উঠি ৭ নং প্ৰধানমন্ত্ৰীৰ বাসগৃহ লোক কল্যাণ মাৰ্গলৈ ৰাওনা হয়, য’ত তেওঁলোকে ব্যক্তিগত আলোচনাত মিলিত হয়। মোদীয়ে পুটিনৰ সন্মানত ব্যক্তিগতভাৱে নিশাৰ আহাৰৰো আয়োজন কৰে।

শুকুৰবাৰে পুৱা ১১বজাত প্ৰথমে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক সাক্ষাৎ কৰিব পুটিনে। তাৰ পাছতে ৰাজঘাটলৈ গৈ জাতিৰ পিতা মহাত্মা গান্ধীক জ্ঞাপন কৰিব শ্ৰদ্ধাঞ্জলি। ইয়াৰ পিছতে ভ্ৰমণৰ মূল উদ্দেশ্য প্ৰধানমন্ত্ৰী মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব পুটিন। ​​পুৱা ১১:৫০ বজাত হায়দৰাবাদ হাউচত অনুষ্ঠিত হ’ব ২৩ সংখ্যক ভাৰত-ৰাছিয়া সন্মিলন। দুয়োগৰাকী নেতাই ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চতো ভাষণ দিব। আনহাতে ​​নিশা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দ্বাৰা আয়োজিত ৰাজকীয় ভোজত অংশগ্ৰহণ কৰি পুটিন স্বদেশলৈ উভতি যাব।

প্ৰণিধানযোগ্য যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ এয়া দশম সংখ্যক ভাৰত ভ্ৰমণ । পুটিনৰ ভাৰত ভ্ৰমণৰ ওপৰত দৃষ্টি নিৱদ্ধ হৈ পৰিছে বিশ্ৱৰ। বিশেষকৈ প্ৰধানমন্ত্ৰী মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ দ্ৱিপাক্ষিক বৈঠকক লৈ বিশেষ চৰ্চা অব্যাহত আছে। কি আলোচনা হ’ব এই বৈঠকত তথা কি কি বিষয়ে স্থান পাব মোদী-পুটিনৰ আলোচনাত। এই সন্দৰ্ভত চলিছে ব্যাপক গুণাগুথা।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande