
কামৰূপ, ০৫ ডিচেম্বৰ (হি.স.)। কামৰূপ জিলাৰ ৰঙিয়া নগৰৰ এটি বিধ্বস্ত পথৰ বাবে যাতায়তৰ নামত ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে। ৰে’ল বিভাগৰ অধীনস্থ এই গুৰুত্বপূৰ্ণ পথটোৰে নিতৌ সহস্ৰাধিক লোকে অহা-যোৱা কৰে । জনসাধাৰণে জৰাজীৰ্ণ পথটোৰে মৰণক শৰণ কৰি চলাচল কৰিব লগা হয় । এই পথটোৰ সমীপতে থকা ইণ্ডিয়া গেট বজাৰলৈ দৈনন্দিন শ শ লোকে বজাৰ কৰিবলৈ আহি যাতায়তৰ নামত জীয়াতু ভুগিব লগা হয় ।
ইয়াৰ উপৰিও বহু কেইখন বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীয়ে অহা-যোৱা কৰাৰ নামত দুৰ্ভোগ ভুগিব লগা হয় । কেৱল ৰে’ল বিভাগৰে নহয়, সহস্ৰাধিক জনসাধাৰণে যাতায়াত কৰা এই পথটো দীৰ্ঘদিন ধৰি শোচনীয় হৈ থকাৰ পিছতো কোনো কানসাৰ নাই ৰে’ল বিভাগৰ । অমৃত ভাৰত ষ্টেচন হিচাপে ৰঙিয়া জংচন অন্তৰ্ভুক্ত হোৱাৰ পিছতো ৰঙিয়া ষ্টেচনৰ সমীপৰ এই ব্যস্ত পথটো আজিলৈকে নিৰ্মাণ কৰাৰ ব্যৱস্থা নকৰিলে । ৰে’ল বিভাগৰ এনে হেমাহিৰ বিৰুদ্ধে সচেতন নাগৰিকে ক্ষোভ প্ৰকাশ কৰে ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু