
মাজুলী, ০৫ ডিচেম্বৰ (হি.স.)। মাজুলীৰ ভকত চাপৰি খহনীয়া। খহনীয়াগ্ৰস্ত অঞ্চলত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড'পীতাম্বৰ দেৱ গোস্বামী।
ভকত চাপৰিৰ ভয়াৱহ খহনীয়া পৰিদৰ্শন কৰিলে আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীয়ে। খহনীয়াগ্ৰস্ত অঞ্চলত উপস্থিত হৈ সত্ৰাধিকাৰ গৰাকীয়ে কেৱল পৰিস্থিতিৰ বুজ লোৱাই নহয়, ব্ৰহ্মপুত্ৰত সোণ দান কৰি খহনীয়া ৰোধৰ বাবে বিশেষ প্ৰাৰ্থনাও জনায়।
খহনীয়া গ্রস্ত অঞ্চলৰ পৰা চৰকাৰলৈ এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে সত্ৰাধিকাৰগৰাকীয়ে। অহা ১৪ ডিচেম্বৰৰ ভিতৰত খহনীয়া ৰোধৰ বাবে চৰকাৰে জিঅ' বেগ আৰু জিঅ' টিউবৰ ব্যৱস্থা নকৰিলে, ৰাইজৰ সহযোগত সত্ৰাধিকাৰ গৰাকীয়ে নিজেই খহনীয়া ৰোধৰ কাম আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে।
১২ ডিচেম্বৰত সত্ৰাধিকাৰ চ'ৰাত এক সভা আহ্বান জনাইছে সত্ৰাধিকাৰ গৰাকীয়ে। ভকত চাপৰি ৰাইজ ব্ৰহ্মপুত্ৰ বৰ্ড আৰু জলসম্পদ বিভাগ আৰু আয়ুক্ত উপস্থিত হব আলোচনাত । আলোচনাত যদি চৰকাৰে একো কাম নকৰে তেতিয়া সত্ৰাধিকাৰ আৰু ৰাইজ ১৪ ডিচেম্বৰ হাতে কামে কৰিব কাম।।
৪০ বছৰে পাকুপাইনে মাজুলীৰ ভূমি সুৰক্ষা কৰিব পৰা নাই গতিকে মেগা টিউব শৈল্যবান্ধ নিৰ্মানৰ দাবী সত্ৰাধিকাৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা