নগাঁও আৰক্ষীৰ জালত বৃহৎ চুৰিৰ চক্ৰ, উদ্ধাৰ বিপুল পৰিমাণৰ চুৰি সামগ্ৰী
নগাঁও, ০৫ ডিচেম্বৰ (হি.স.): নগাঁও আৰক্ষীয়ে চিনাপট্টি অঞ্চলত চলোৱা এক অভিযানত বৃহৎ সফলতা অৰ্জন কৰি চাৰিজনীয়া চুৰি চক্ৰ এটিক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে আজি জনোৱা মতে, দলটোৱে বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰে। নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱ
नगांव पुलिस गिरफ्तार चोर गैंग के सदस्य तथा भारी मात्रा में बरामद सामान ।


নগাঁও, ০৫ ডিচেম্বৰ (হি.স.): নগাঁও আৰক্ষীয়ে চিনাপট্টি অঞ্চলত চলোৱা এক অভিযানত বৃহৎ সফলতা অৰ্জন কৰি চাৰিজনীয়া চুৰি চক্ৰ এটিক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে আজি জনোৱা মতে, দলটোৱে বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰে।

নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাসৰ নেতৃত্বত চলাইছিল এই অভিযান।

আৰক্ষীয়ে জনোৱা মতে, আটকাধীন অভিযুক্ত কেইজন হৈছে আছিক আলী, বিশ্বজিৎ বিশ্বাস, হাছান আলী আৰু আজাৰুল ইছলাম। এই চক্ৰটোৱে দীৰ্ঘদিন ধৰি নগাঁৱৰ বিভিন্ন অঞ্চলত এচিৰ তামৰ তাঁৰ আৰু অন্যান্য মূল্যৱান সামগ্ৰী চুৰিৰ লগত জড়িত হৈ আছে। উদ্ধাৰ হোৱা সকলো সামগ্ৰী আৰক্ষীয়ে জব্দ কৰিছে আৰু গোচৰৰ তদন্ত অব্যাহত আছে।

हिन्दुस्थान समाचार / অৰৱিন্দ

 rajesh pande